মঙলবাৰে অন্ধ্ৰপ্ৰদেশৰ এটা টিভি চেনেলত এক নাভূত-নাশ্ৰুত ঘটনা সংঘটিত হয়।
চেনেলটোত অনুষ্ঠিত হোৱা এক লাইভ ডিবেটত বিজেপিৰ(অন্ধ্ৰপ্ৰদেশৰ মুখ্য সচিব বিষ্ণুবৰ্ধন ৰেড্ডী আৰু এগৰাকী স্থানীয় নেতাৰ মাজত তৰ্কাতৰ্কি হয়।
বাকযুদ্ধ ইমানেই বাঢ়ি গ’ল যে স্থানীয় নেতাগৰাকীয়ে বিজেপিৰ মুখ্য সচিবগৰাকীক লাইভ টিভিতে চেণ্ডেলেৰে মাৰধৰ কৰে।
দৰাচলতে, এটা তেলেগু চেনেলে কোনো এটা বিষয়ত ডিবেট অনুষ্ঠিত কৰিছিল।
https://twitter.com/Ashi_IndiaToday/status/1364237943624196100?s=20
সেই সময়তে বিজেপি নেতা বিষ্ণুবৰ্ধন ৰেড্ডীৰ সৈতে অমৰাৱতীৰ যুটীয়া কাৰ্যকৰী কমিটীৰ সদস্য কে শ্ৰীনিবাস ৰায়ো উপস্থিত আছিল।
লাইভৰ মাজতে দুয়ো নেতাৰ মাজতে যথেষ্ট বাক-বিতণ্ডাৰ সৃষ্টি হয় আৰু এই বাকযুদ্ধ পিছত হতাহতিলৈ পৰিণত হয়।
ইয়াৰ মাজতে শ্ৰীনিবাস ৰয়ে বিজেপি নেতাৰ ওপৰত চেণ্ডেলেৰে আক্ৰমণ কৰে।
এই সন্দৰ্ভত বিজেপি প্ৰদেশ অধ্যক্ষ ছমু বীৰৰাজুসহ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই এই ঘটনাক সমালোচনা কৰে আৰু ক্ষমা খুজিবলৈ দাবী জনায়।
দৰাচলতে শ্ৰীনিবাস ৰয়ৰ বিৰুদ্ধে টিডিপিৰ সৈতে মিলি থকা অভিযোগ উত্থাপন কৰে আৰু সেই কথাতে ক্ষোভিত হৈ চেণ্ডেলেৰে আক্ৰমণ চলায়।
Photo: Twitter