মহাৰাষ্ট্ৰৰ গৃহ মন্ত্ৰী অনিল দেশমুখৰ পদত্যাগ। দেশমুখে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক দিয়ে পদত্যাগ পত্ৰ।
অনিল দেশমুখ NCPৰ গৃহ মন্ত্ৰী আছিল। দেশমুখে ৰাজ্যপালৰ সলনি মুখ্যমন্ত্ৰীক দিলে পদত্যাগ পত্ৰ।
উল্লেখ্য আজিয়েই বম্বে হাইকৰ্টে CBIৰ তদন্তৰ আদেশ প্ৰদান কৰে।
এই সিদ্ধান্ত উচ্চ ন্যায়ালয়ে মুম্বাই আৰক্ষীৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত বিষয়া পৰমবীৰ সিঙৰ জনহিত আৱেদনত প্ৰদান কৰে।
পৰমবীৰ সিঙে অনিল দেশমুখৰ বিৰুদ্ধে টকা উঠোৱাৰ অভিযোগ উত্থাপন কৰিছিল আৰু এই সন্দৰ্ভতে CBIৰ তদন্ত বিচাৰিছিল।
পৰমবীৰ সিঙৰ অভিযোগৰ পিছতে অনিল দেশমুখৰ ইস্তিফাৰ দাবী উত্থাপন হৈছিল। এতিয়া উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছত তেওঁ ইস্তিফা দিয়ে।
Photo: ABP News