নিউজ ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনিখন কৃষি আইন বাতিলৰ দাবীত দিল্লী সীমান্তৱৰ্তী সংযোগী অঞ্চলসমূহত প্ৰায় দুমাহ ধৰি দেশৰ কৃষকসকলে আন্দোলন অব্যাহত ৰাখিছে।
এই কৃষক আন্দোলনক সমৰ্থন আগবঢ়াইছে দেশৰ বিশিষ্ট গান্ধীবাদী সামাজিক কৰ্মী আন্না হাজাৰেই।
উল্লেখযোগ্য যে বিগত বৰ্ষৰ ২৮ ডিচেম্বৰত মহাৰাষ্ট্ৰৰ আহমেদনগৰৰ নিজ গাঁও ৰালেগান সিদ্ধিৰ পৰা ঘোষণা কৰিছিল যে অহা মাহৰ পৰা দিল্লীত কৃষক আন্দোলনৰ সমৰ্থনত তেওঁ আন্দোলন আৰম্ভ কৰিব।
উল্লেখ্য, চলিত বৰ্ষৰ ৩০ জানুৱাৰী পৰা অনিৰ্দিষ্টকাললৈ আন্না হাজাৰে অনশনত বহিব বুলি জানিবলৈ দিয়ে ৷