জালুকবাৰীৰ সুন্দৰবড়ীত অৱস্থিত ‘অসম শিশু কল্যাণ সদন’ত ইং ২৭/০১/২৪ তাৰিখে ২০২২-২৩ বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভাখন অনুষ্ঠিত হৈ যায়।পুৱা ১০-৩০ বজাৰ পৰা আৰম্ভ হোৱা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে গুৱাহাটী মহানগৰৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা ডাঙৰীয়া আৰু নিৰ্দিষ্ট বক্তা হিচাপে ‘আমাৰ অসম’ কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা ডাঙৰীয়া উপস্থিত থাকি শিশু আবাসী সকলক অনুপ্ৰেৰণা যোগোৱাৰ লগতে তেওঁলোকৰ সৰ্বাংগীন বিকাশৰ বাবে কৰণীয় বিভিন্ন দিশৰ বিষয়েও পৰামৰ্শ আগবঢ়ায়।
শৰ্মাই সদনৰ বাবে এটি শীৰ্ষ গীত প্ৰস্তুত কৰি জনপ্ৰিয় গায়ক/গায়িকাৰ দ্বাৰা গোৱাই প্ৰচাৰ কৰাৰ পৰামৰ্শ দিয়ে। বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰিত বৰাই ব্যক্তিগত ভাৱে এনে অনুষ্ঠানৰ লগত জড়িত হ’বলৈ পালে সন্তোষিত হ’ব বুলিও জনায়। সভাত সদনৰ শিশু সকলে বৰগীত, সমবেত সংগীত আৰু আধুনিক গীত পৰিৱেশন কৰাৰ লগতে জেংবিহু, আধুনিক নৃত্য আৰু যোগাসন প্ৰদৰ্শন কৰি অতিথি সকলৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰে। শিশু সকলক অনুপ্ৰেৰণা দিবৰ বাবে ‘কৌশিক দেৱ চৌধুৰী সোঁৱৰণী চিত্ৰাংকণ প্ৰতিযোগিতা’, বৃষ্টিপ্ৰিয়া বৰা সোঁৱৰণী হাতৰ আখৰ প্ৰতিযোগিতা, পুনম কে.চি.নাথ সোঁৱৰণী খেল-ধেমালি প্ৰতিযোগিতা আদিৰ পুৰস্কাৰ সমূহ বিতৰণ কৰা হয়। সমজুৱাৰ ফালৰ পৰা কেইবাজনো শুভাকাংক্ষীয়ে সদনৰ ভৱিষ্যতৰ উন্নতিৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়ায় আৰু পৰিচালনা সমিতিৰ কাৰ্য্যসমূহৰ শলাগ লয়।
সভাত সদনৰ দুগৰাকী অতি বিশ্বস্ত আৰু দীৰ্ঘ দিন ধৰি সেৱা আগবঢ়ায় অহা কৰ্মী অৱলা বড়ো আৰু গিৰীজা দেৱীক পৰিচালনা সমিতিৰ ফালৰ পৰা সম্বৰ্ধনা জনায়। শিশু সকলে ফুল তুলি প্ৰস্তুত কৰা ৰুমাল আৰু টেবুলক্লথৰ লগতে তেওঁলোকে ৰোপন কৰা ফুল পুলিৰ টাব আদিৰ প্ৰদৰ্শনী চাই অতিথি সকল আপ্লুত হয় আৰু বহুতেই ক্ৰয় কৰি তেওঁ লোকক উৎসাহিত কৰে। সম্পাদিকা ড° ইন্দিৰা শইকীয়া বৰাই আঁত ধৰা সভাখনত সভাপতি পৰমেশ্বৰ শৰ্মাই তেওঁৰ ভাষণত সকলোৰে সহযোগিতা আৰু শুভকামনাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
দুপৰীয়া আহাৰ বিৰতিৰ পিছত ২-৩০ মিনিটৰ পৰা সদস্যসকলৰ সাধাৰণ বাৰ্ষিক সভা অনুষ্ঠিত হয় আৰু সম্পাদিকাই বছেৰেকীয়া প্ৰতিবেদন আৰু কোষাধ্যক্ষ হৰেকৃষ্ণ কলিতাই ২০২২-২৩ বৰ্ষৰ হিচাপ নিকাচ পাঠ কৰে আৰু সভাই গ্ৰহন কৰে। সম্পাদিকা ড° ইন্দিৰা শইকীয়া বৰাই সকলোৰে সক্ৰিয় সহযোগিতাৰ বাবে আন্তৰিক কৃতজ্ঞতা জনাই শলাগৰ শৰাই আগবঢ়ায়।