প্ৰতিথযশা সাহিত্যিক য়েছে দৰজে ঠংচিলৈ আগবঢ়োৱা হৈছে এক বিশেষ বঁটা। অসমীয়া ভাষা, সাহিত্যিৰ চৰ্চাৰ মাধ্যমেৰে অসমীয়া সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়োৱা বিশিষ্ট সাহিত্যিকগৰাকীলৈ জীৱন ৰাম মুংগী দেৱী গোৱেংকা মেমৰিয়েল নেশ্যনেল এৱাৰ্ড ফৰ এক্সিলেন্স ইন লিটাৰেচাৰ-২০২২ (Jeewan Ram Mungi Devi Gowenka Memorial National Award for Excellence in Literature-2022) আগবঢ়োৱা হৈছে। অহা ২৫ ছেপ্টেম্বৰত গুৱাহাটীত এই বঁটা প্ৰদান কৰা হ’ব।
এই বঁটাৰ লগতে বিশিষ্ট সাহিত্যিকগৰাকীলৈ নগদ ২লাখ টকাও আগবঢ়োৱা হ’ব বুলি Jeewan Ram Mungi Devi Gowenka Public Charitable Trust–এ প্ৰেৰণ কৰা পত্ৰত প্ৰকাশ কৰিছে।