অসমলৈ সুখবৰ কঢ়িয়ালে আলোকচিত্ৰ শিল্পী অনুপম নাথে। উল্লেখ্য যে, ১৯৪৪ চনত মিছৌৰি বিশ্ববিদ্যালয়ৰ প্ৰফেছৰ ক্লিফটন চি এডমে আৰম্ভ কৰা Picture of the Year (POY) বিগত সময়ছোৱাত সমগ্ৰ বিশ্বৰ ফটোগ্ৰাফাৰসকলৰ বাবে এক সন্মান আৰু সম্ভ্ৰমৰ বিষয়৷ ২০০১ বৰ্ষৰ পৰা এই সন্মান POYi বা Picture of the year internationalৰূপে জনাজাত হৈ আহিছে৷
এই POYiৰ পৰিচালনা-বিধি “কেমেৰাৰে সত্য প্ৰদৰ্শন’’ৰ অধীনৰ এক অনুষ্ঠান হৈছে POY Asia, য’ত এছিয়াৰ পৃষ্ঠভূমিৰ পৰা বিশ্বক বিচাৰ কৰা হয়৷ POY Asiaৰ সঞ্চালনা হয় ছিংগাপুৰৰ পৰা৷ এই POY Asiaৰে ২০২২ বৰ্ষৰ কোভিড ১৯ শিতানৰ সৰ্বশ্ৰেষ্ঠ ছবিসমূহৰ মাজত স্থান লাভ কৰিছে এছ’চিয়েটেড প্ৰেছৰ সাংবাদিক, অসমৰ এগৰাকী অগ্ৰণী আলোকচিত্ৰ শিল্পী অনুপম নাথে৷ অনুপম নাথে বিগত তিনি দশকৰো ওপৰ-কাল কেমেৰাৰ পাছত থাকি কঠিন সত্যক শিল্পৰ ৰূপ দি আলোড়িত কৰি আহিছে সকলোকে। POY Asiaত তেওঁৰ নিজৰ ছবিৰ মাজেৰে সমগ্ৰ অসমবাসীক গৌৰাৱান্বিত কৰিলে!