নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এতিয়া চলিছে দল এৰা-এৰিৰ ল’ৰা ধেমালি।
কংগ্ৰেছ এৰি, গৈছে বিজেপি। বিজেপি এৰি, গৈছে কংগ্ৰেছ।
মুঠতে এতিয়া নিজ দলৰে মাজতে খোৱা কামোৰা লাগিছে।
জাতি নাই, মাটি নাই, ভেটিও নাই, কেৱল নিজৰ স্বাৰ্থত অথবা টিকট নোপোৱাৰ ক্ষোভত দল সলনিৰ চলিছে ট্ৰেণ্ড।
এই ট্ৰেণ্ডত হাবুডুবু খাইছে প্ৰতিটো দলৰে নেতাসকল।
এজন নহয়, দুজন নহয়, বহুকেইজন নেতাই কেৱল টিকট নোপোৱাৰ ক্ষোভতে, ইমানদিনে দলৰ হৈ কাম কৰিম বুলি দিয়া প্ৰতিশ্ৰুতিক বুঢ়া আঙুলি দেখুৱাই খেলি আছে দল বাগৰা-বাগৰি খেল।
এইবাৰ এই ট্ৰেণ্ডৰ পিছে পিছে দৌৰিছে অসম ৰাজ্যিক কংগ্ৰেছৰ সাধাৰণ সম্পাদক কল্যাণ গগৈয়ে।
প্ৰাৰ্থীত্ব লাভ নকৰাৰ পিছতে কল্যাণ গগৈয়ে কৰিলে পদত্যাগ।
মুঠতে নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছত এতিয়া মেলিছে ভয়ংকৰ ফাঁট।
ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হৈ ১০৮নং শিৱসাগৰ সমষ্টিৰ পৰা টিকট প্ৰত্যাশী অসম ৰাজ্যিক কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে কৰে পদত্যাগ কৰে।
ইফালে কল্যাণ গগৈৰ মন্তব্য যে, কংগ্ৰেছ দলৰ পৰিচয় হানি কৰা এচাম নেতাৰ বিৰুদ্ধে ক্ষোভ উজাৰি দল ত্যাগ কৰিছে।
Photo: Google