অসম শক্তি বিতৰক কোম্পানী লিমিটেড (এ পি ডি চি এল) এতিয়া চলিছে লোকচানত। শক্তি বিভাগৰ অধীনস্থ কোম্পানীটোৰ ৰাজহৰ তুলনাত ব্যয়ৰ পৰিমাণ অধিক হোৱাৰ ফলতেই কোম্পানীটোৱে এই বৃহৎ লোকচানৰ সন্মুখীন হৈছে।
প্ৰতিমাহে কোম্পানীটোৰ লোকচানৰ আৰ্থিক মূল্য হৈছে ১৫০ কোটি টকা। এমাহত এ পি ডি চি এলৰ ব্যয় হয় ৫৫০ কোটি টকা, বিপৰীতে আয় হয় ৪০০ কোটি টকা। শক্তি উৎপাদক কোম্পানী সমূহক এ পি ডি চি এল য়ে আজিৰ তাৰিখত আদায় দিবলৈ আছে ১২০০ কোটি টকা।
ইফালে কোম্পানীটোৱে মাহেকত পাবলগীয়া বিলৰ এক চতুৰ্থাংশই ইয়াৰ গ্ৰাহকৰ পৰা আদায় কৰিব নোৱাৰে। কোম্পানীটোৱে মাহেকত লাভ কৰিবলগীয়া বিল হয় ৫০০ কোটি টকাৰ। ইয়াৰ বিপৰীতে সংগৃহীত বিল মাত্ৰ ৪০০ কোটি টকা। এই সমূহ তথ্য কালি সদৰী কৰি শক্তিমন্ত্ৰী বিমল বৰাই কয় যে এ পি ডি চি এলক এক লাভজনক প্ৰতিষ্ঠান হিচাপে গঢ়ি তুলিবলৈ তেওঁ বদ্ধ পৰিকৰ।
শক্তিমন্ত্ৰীয়ে কোম্পানীটোৰ একাংশ বিষয়া আৰু কৰ্মচাৰী বিদ্যুৎ চুৰিৰ সৈতে জড়িত থকাৰ তথ্যও ফাদিল কৰে । এই সমূহ বিষয়া-কৰ্মচাৰীৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ ইংগিত দিয়ে মন্ত্ৰী বৰাই।দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি অৱলম্বনেৰে ইতিমধ্যেই এ পি ডি চি এলৰ মুখ্য মহাপ্ৰবন্ধক (এণ্টিথেফ্ট) শুভ্ৰজ্যোতি হাজৰিকাক তৎকালীনভাৱে চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে।
বিদ্যুৎ চুৰি আৰু অনিয়মৰ অভিযোগত অভিযুক্ত মুখ্য মহাপ্ৰবন্ধক (বাণিজ্যিক আৰু ই ই) দীপক কুমাৰ দাসক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। তিনিজন মুখ্য মহাপ্ৰবন্ধকক বদলি কৰা হৈছে। এজন কনিষ্ঠ অভিযন্তা, এজন উপ-সংমণ্ডল আৰু দুজন সহকাৰী মহাপ্ৰবন্ধকলৈ কাৰণ দৰ্শোৱাৰ জাননী পঠিওৱা হৈছে।
শক্তিমন্ত্ৰীয়ে এ পি ডি চি এলৰ প্ৰশাসনীয় সংস্কাৰতো বিশেষ গুৰুত্ব প্ৰদান কৰিছে। ইতিমধ্যেই উজনি অসম, নামনি অসম আৰু কেন্দ্ৰীয় অসম অঞ্চলৰ মুখ্য মহাপ্ৰবন্ধকসকলৰ কাৰ্যালয় গুৱাহাটীৰ পৰা ক্ৰমে যোৰহাট, বঙাইগাঁও আৰু শিলচৰলৈ স্থানান্তৰৰ নিৰ্দেশ দিছে তেওঁ।গুৱাহাটীৰ জ্যেষ্ঠ তদাৰকী বিষয়াৰ কাৰ্যালয়ো স্থানান্তৰ কৰা হৈছে শিলচৰলৈ।
বৃহৎ হাৰত বিদ্যুত চুৰি কৰি অহা বৰাগাঁৱৰ দুটি প্ৰতিষ্ঠান মেচাৰ্ছ শিৱ এলয় ষ্টীল প্ৰাইভেট লিমিটেড আৰু জয়ছোৱাল এলয় প্ৰাইভেট লিমিটেডৰ দুস্কাৰ্যৰ কথাও সদৰী কৰে মন্ত্ৰী বৰাই।এই দুই প্ৰতিষ্ঠানে বিগত ছমাহ ধৰি বিদ্যুৎ চুৰি কৰি আহিছে আৰু ফলত আনুমানিক ৭৫ লাখৰ পৰা ১ কোটি টকা মূল্যৰ অতিৰিক্ত মাচুল তেওঁলোকে পৰিশোধ কৰিব লাগিব।
এই দুই প্ৰতিষ্ঠানৰ কুকৰ্মৰ কথা পোহৰলৈ আহে বিগত ৯ জুন তাৰিখে। বিদ্যুৎ চুৰি ৰোধৰ বাবে আইনী সংস্কাৰৰ পোষকতাও কৰে মন্ত্ৰী বিমল বৰাই। তেওঁ কয় যে বৰ্তমান প্ৰচলিত হৈ থকা আইনৰ সুৰুঙাৰে বিদ্যুৎ চুৰি বা অন্য অনিয়মত জড়িত সকল অতি সহজে সাৰি যাব পাৰে। সেয়ে সোনকালেই বিধানসভাত আইনৰ সংশোধনী অনা হ’ব।
এ পি ডি চি এলৰ নিযুক্তি প্ৰক্ৰিয়াও অহা তিনি মাহত সম্পন্ন কৰা হ’ব বুলি জনায় মন্ত্ৰী গৰাকীয়ে। এ পি ডি চি এলৰ ব্যক্তিগতকৰণৰ সম্ভাৱনীয়তাক নস্যাৎ কৰি তেওঁ কয় যে কিছু সংস্কাৰ সাধন কৰিব পাৰিলেই প্ৰতিষ্ঠানটো আত্মনিৰ্ভৰশীল হোৱাৰ লগতে এক বৃহৎ লাভদায়ক প্ৰতিষ্ঠানত পৰিণত হ’ব।
উল্লেখ্য যে এ পি ডি চি এলৰ বৰ্তমানৰ উপভোক্তাৰ সংখ্যা ৬৩ লাখ। সন্ধিয়া ৫ বজাৰ পৰা ৰাতি ১১ বজালৈ অৰ্থাৎ ‘পীক আৱাৰ্ছ’ত বিদ্যুতৰ চাহিদা ১৪৫৬ মেগাৱাট। আনহাতে ‘অফ পীক আৱাৰ্চ’ত চাহিদা ১০৬৭ মেগাৱাট।