গুৱাহাটী – দীৰ্ঘ অপেক্ষাৰ আৰু ব্যাপক বিতৰ্কৰ পিছত আজি ঘোষণা হ’ল অসম লোকসেৱা আয়োগৰ ফলাফল। ২০১৮ চনত অনুষ্ঠিত এই পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণ হৈছে ১৩৫ গৰাকী প্ৰাৰ্থী। অৱশ্যে ১৩৮ টা খালী পদৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হৈছিল।
মুঠ পৰীক্ষাৰ্থীৰ ভিতৰত অসম অসামৰিক সেৱাৰ পৰীক্ষাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে কংকনজ্যোতি শইকীয়াই। ইফালে ৰাজহ সেৱাত দেবাঙ্গন শৰ্মাই লাভ কৰিছে ৰাজ্যৰ ভিতৰত প্ৰথম স্থান। ৰাজহ সেৱাৰ বাবে মুঠ ৫৬ টা পদৰ ফলাফলো আজি ঘোষণা কৰা হয়।
আনফালে, অসম আৰক্ষী সেৱাৰ পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান লাভ কৰিছে নীলোৎপল শইকীয়াই। মুঠ ৮ টা পদৰ ভিতৰত শীৰ্ষ স্থান লাভ কৰিছে নীলোৎপলে। একেদৰে কৰ অধীক্ষকৰ ১০ পদৰ ভিতৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে বিপুল মেধিয়ে।