অসম লোক সেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰে জড়িতসকলক এজনৰ পাছত এজনকৈ CIDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে বিশেষ তদন্তকাৰী গোটে। বৃহস্পতিবাৰে পুনৰ ২ ৰাজপত্ৰিত বিষয়াক বিশেষ তদন্তকাৰী গোটৰ সন্মুখত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে।
উক্ত বিষয়া দুগৰাকী হ’ল ফাৰুক আহমেদ আৰু অসীমা কলিতা। ফাৰুক আহমেদক ইতিমধ্যে নিলম্বন কৰা হৈছে। উল্লেখ্য সোমবাৰে এ পি এছ বিষয়া সুকন্যা দাসক জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছে।
সুকন্যা দাসৰ ৬ খন উত্তৰবহীৰ বিপৰীতে আছিল ৮ খন উত্তৰবহী। সোমবাৰে পুৱাৰে পৰা সোধা-পোছাৰ অন্তত তেওঁক দিনৰ ভাগত গ্ৰেপ্তাৰ কৰা হয়।