‘২৯ এপ্ৰিলৰ পৰা ৰাষ্ট্ৰীয় ইলেক্ট্ৰ’নিক আৰু স্থানীয় সংবাদমাধ্যমত প্ৰচাৰ কৰা Exit poll কাল্পনিক আৰু উদ্দেশ্য প্ৰণোদিত।’- ৰাজীৱ ভৱনত অনুষ্ঠিত সংবাদমেলত এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্র অপূর্ব কুমাৰ ভট্টাচাৰ্যৰ।
নিৰ্বাচনী বিধি ভংগৰে বিজেপি সভাপতি জনাদেশ অৱমাননা কৰিছে বুলিও অভিযোগ উত্থাপন কৰে ভট্টাচাৰ্যই।
একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক সমালোচনা সংবাদমেলত।
বৰাকত ২০খন আসন দেখুৱাই Exit Poll কৰি বিজেপি চৰকাৰৰ আসন বৃদ্ধি কৰাই দেখাইছে ৷
সেয়া উদ্দেশ্য প্ৰণোদিত ৷ বিজেপি এতিয়া শংকিত ৷
বিজেপি কৰ্মী এতিয়া হতাশ হৈ পৰিছে ৷
আৰু মহাজোঁট বন্ধনে চৰকাৰ গঠন কৰিব বুলিও মন্তব্য প্ৰদান কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদকগৰাকীয়ে।
সভাপতিয়ে দাঙি ধৰা ExitPollক লৈ সমালোচনা অপূর্ব কুমাৰ ভট্টাচাৰ্যৰ।
গণনা কাৰ্যত থকা বিষয়াৰ ওপৰত এটা চাপ সৃষ্টি কৰিব বিচাৰিছে ৷
এইটো এক্সিট প’ল হে এক্টজেক্ট পল নহয় বুলিও সংবাদমেলত মন্তব্য প্ৰদান কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক ভট্টাচাৰ্যই।
সংখ্যাগৰিষ্ঠ আসনেৰে মহাজোঁটৰ চৰকাৰ হ’ব বুলিও প্ৰকাশ কৰে ভট্টাচাৰ্যই।
হিমন্ত আৰু সৰ্বানন্দ সোণোৱালক ১৯ আৰু ২০ শতাংশ লোকে মুখ্যমন্ত্ৰী বিচৰা কাৰ্যই ৰাজ্যবাসীয়ে বিজেপি চৰকাৰ নিবিচৰাটো উদঙাই দিছে ৷
নিৰ্বাচন আয়োগৰ ওপৰত সম্পূৰ্ণ আস্থা আছে।
ভোটগণনা কাৰ্য স্বচ্ছভাৱে কৰিবলৈ সকলো পদক্ষেপ গ্ৰহণ কৰিব।
Photo: Headline8