সম্প্ৰতি যুৱ প্ৰজন্মই ১৪ ফ্ৰেব্ৰুৱাৰীত উদযাপন কৰি অহা ভেলেন্টাইন দিৱসক অধিক গুৰুত্ব প্ৰদান কৰা দেখা যায় ৷
কিছু সংখ্যকৰ বাবে গোটেই ফ্ৰেব্ৰুৱাৰী মাহটোৱে প্ৰেম দিৱস তথা ভেলেন্টাইন দিৱসক হিচাপে পালন কৰাও দেখা যায় ৷
এই বিশেষ দিনটোত সকলো প্ৰেমিক-প্ৰেমিকাৰ বাবে বিশেষ দিন হিচাপেও বৰ্তমান সময়ত পৰিগণিত হৈছে ৷
উল্লেখযোগ্য যে ৭ ফ্ৰেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ প্ৰতিটো দিনতে বিভিন্ন ধৰণেৰে পালন কৰাৰ এক বিশেষ প্ৰক্ৰিয়াও আছে।
যিহেতু ১৪ ফ্ৰেব্ৰুৱাৰী সমাগত সেয়ে প্ৰতিগৰাকী প্ৰেমিক-প্ৰেমিকাই দিনটোৰ কাৰ্যসূচী প্ৰস্তুতি তুংগত উঠাৰ সময়তে এগৰাকী যুৱকে ১৪ ফ্ৰেব্ৰুৱাৰীত কৰা এক বিশেষ কাৰ্যৰ বাবে ছ’ছিয়েল মিডিয়াত অধিক চৰ্চা লাভ কৰিছে ৷
যুৱক জন নাম শকুল।
মুম্বাইৰ নিবাসী শকুলে প্ৰায় তিনি বছৰে কৰি আহিছে এক বিশেষ কাম ৷
যাৰ বাবে শকুল আজি এচাম ছোৱালীৰ মাজত জনপ্ৰিয় হৈ পৰিছে ৷
আপুনি জানেনে এই বিশেষ কামটো কি ? জানিলে আপুনিও আচৰিত হৈ উঠিব ৷
বিগত ৩টা বছৰে ভেলেন্টাইন ডে’ৰ দিনটোত শকুলে অকলশৰীয়া যুৱতী অথবা যিসকল যুৱতীয়ে কোনো প্ৰেম সম্পৰ্কৰ এনাজৰীৰে বান্ধ খাব নিবিচাৰে অথচ তেওঁলোক কেতিয়াবা অকলশৰীয়াও অনুভৱ কৰে, শকুলে তেওঁলোকৰ সমস্যা দূৰ কৰি আহিছে ভাড়তীয়া প্ৰেমিক হয় ৷
এই সন্দৰ্ভত শকুলে ছ’চিয়েল মিডিয়াত এটি প’ষ্টও কৰিছে ৷
এতিয়ালৈ শকুলে ৩টা বছৰত ৪৫গৰাকী যুৱতীৰ ভাড়াতীয়া প্ৰেমিক হৈছে ।
শকুলৰ মতে, প্ৰেমৰ সেই দিনটোত কোনোৱে প্ৰেমৰ অভাৱ অনুভৱ কৰিব নালাগে।
এদিনৰ কাৰণে হ’লেও হাঁহি দিবলৈ যত্ন কৰাটো একো বেয়া কাম নহয়।
উল্লেখ্য, Humans of Bombay নামৰ এটা ফেচবুক পেইজৰ এডমিন শকুলে প্ৰেমক লৈ দিয়ে ভিন্ন ধৰণৰ প’ষ্ট।