উত্তৰ কাশ্মীৰৰ সোপোৰ গাঁৱত নিৰাপত্তাৰক্ষীৰ সৈতে চলি থকা সংঘৰ্ষত লস্কৰৰ শীৰ্ষ সন্ত্ৰাসবাদী মুদাছিৰ পণ্ডিত নিহত হৈছে।
মুদাছিৰ পণ্ডিতৰ উপৰিও দেওবাৰে সন্ধিয়া গুণ্ড ব্ৰাথ গাঁৱত আৰম্ভ হোৱা এনকাউণ্টাৰৰ সময়ত আন দুজন লস্কৰ সন্ত্ৰাসবাদী নিহত হৈছে।
এটা গোপন সূত্ৰৰ পিছত দেওবাৰে অভিযান টো আৰম্ভ হৈছিল।
জম্মু-কাশ্মীৰ আৰক্ষীয়ে প্ৰদান কৰা তথ্য অনুসৰি, মুদাছিৰ পণ্ডিত শেহতীয়াকৈ তিনিজন আৰক্ষী, দুজন কাউঞ্চিলৰ আৰু দুজন অসামৰিক লোকৰ হত্যাত জড়িত আছিল।
ইয়াৰ উপৰিও, তেওঁ আন কেইবাটাও সন্ত্ৰাস-সম্পৰ্কীয় অপৰাধৰ সৈতেও জড়িত আছিল।
কাশ্মীৰ আৰক্ষীৰ আইজিপি বিজয় কুমাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কয় যে এই সংঘৰ্ষ নিৰাপত্তা বাহিনীৰ বাবে এক ডাঙৰ জয়।