“লেখিকা সংস্থা, অসম’ৰ অন্তৰ্গত দক্ষিণ গুৱাহাটী লেখিকা সংস্থাৰ প্ৰতিষ্ঠা দিৱস আজি গুৱাহাটী প্ৰেছ ক্লাৱত, গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত উদযাপন কৰা হয়। দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত অনুষ্ঠানটো বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে অসম সাহিত্য সভাৰ উপ সভানেত্ৰী মৃণালিনী দেৱীয়ে। শাখাৰ সদস্য সকলৰ সমবেত সংগীতৰে আৰম্ভ হোৱা অনুষ্ঠানটোত ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰা উদীয়মান সংগীত শিল্পী বর্ষা খনিকৰক সম্বৰ্দ্ধনা জনোৱাৰ লগতে শাখাৰ সদস্যা ইলালয়া ফুকনৰ কাব্যগ্রন্থ “হৃদয়ৰ সংজ্ঞা বিচাৰি’উন্মোচন কৰা হয়।
শাখাৰ সভাপতি উৎপলা বৰাই পৌৰোহিত্য কৰা অনুষ্ঠানটো উদ্বোধন কৰে লেখিকা সংস্থা, অসমৰ সভানেত্ৰী মৃদুলা শৰ্মাই। কাব্যপুথি খনি উন্মোচন কৰে লেখিকা সংস্থা, অসমৰ উপদেষ্টা মঞ্জুলা শৰ্মা ভট্টাচাৰ্যই। অনুষ্ঠানত সন্মানীয়া অতিথি হিচাপে লেখিকা সংস্থা, অসমৰ বিশেষ সন্মানীয়া সদস্যা বিশিষ্ট কবি মীৰা ঠাকুৰ আৰু নিৰ্দিষ্ট বক্তা হিচাপে লেখিকা সংস্থা, অসমৰ উপ-সভাপতি নিৰু শৰ্মা পৰাজুলীয়ে চমু ভাষণ আগবঢ়ায়। সম্বৰ্দ্ধনা আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ আঁত ধৰে শাখাৰ সম্পাদিকা পাৰুল বৰুৱাই।
আনহাতে অনুষ্ঠানত লেখিকা সংস্থা, অসমৰ সম্পাদিকা বিজয়া দেৱদাস, সহকাৰী সম্পাদিকা ত্রিবেণী মজুমদাৰ,কোষাধ্যক্ষা জুৰি বৰুৱা, শাখাৰ উপদেষ্টা বিউতি ভট্টাচাৰ্যৰ লগতে সংস্থাৰ কেবাগৰাকীও কৰ্মকর্তা উপস্থিত থাকে।