অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ নাম চৰ্চালৈ আহিছে হেলমেটৰ বাবে। মটৰ চাইকেল, স্কুটি চলোৱাৰ সময়ত ব্যৱহাৰ কৰা হেলমেটৰ বাবে এক বিৰল অভিলেখ গঢ়িবলৈ সক্ষম হৈছে চীন সীমান্তৰ পৰা মাত্ৰ ৪০ কিলোমিটাৰ নিলগৰ টাৱাং চহৰখনে। পথ সুৰক্ষাৰ বাবে হেলমেট পৰিধান কৰাটো যে অতি জৰুৰী সেই বিষয়ে প্ৰচাৰ আৰু সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যৰেই টাৱাঙৰ বৌদ্ধ মন্দিৰৰ পৰা টাৱাং ষ্টেডিয়ামলৈ ২০০ বাইক চালকে এটি ৰেলী উলিয়াইছিল। মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱেও বাইক চলাই এই ৰেলীত অংশগ্ৰহণ কৰে। পাছত জি টি জি ষ্টেডিয়ামত বগা, গেৰুৱা আৰু সেউজীয়া ৰং কৰা ২৩৫০ হেলমেট ব্যৱহাৰ কৰি ইংৰাজীত জয় হিন্দ বাক্য শাৰী লিখি উলিয়াই।
জানিবলৈ দিয়া অনুসৰি মুখ্যমন্ত্ৰীগৰাকী নিজেও এই কাৰ্যত অংশগ্ৰহণ কৰে। পুৱা ৬
:৩০ মিনিটৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচী ৮ বজাত সম্পূৰ্ণ হয়। উল্লেখ্য যে, এয়া আছিল হেলমেটৰ সহায়ত লিখা বিশ্বৰ আটাইতকৈ বৃহৎ বাক্য।