ক’ৰোনা মহামাৰীৰ বাবে পৰিস্থিতি অতি বিষম হৈ পৰাত দিল্লীত ৬ দিনৰ বাবে লকডাউনৰ ঘোষণা কৰা হৈছে।
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সংবাদমেলযোগে এই বিষয়ে জানিবলৈ দিয়ে।
মুখ্যমন্ত্ৰীগৰাকীয়ে ক’লে যে, ৰাজ্যখনত ক’ৰোনা আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হোৱা বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
তেওঁ ক’লে, মই ৰাইজক কেতিয়াও ভুল তথ্য প্ৰদান নকৰো।
মুখ্যমন্ত্ৰী কেজৰিৱালে ক’লে যে বিবাহ অনুষ্ঠানত প্ৰায় ৫০জন লোকেহে অংশগ্ৰহণ কৰিব পাৰিব।
সমাৰোহত অংশগ্ৰহণ কৰা সকলৰ বাবে পাছ জাৰি কৰা হ’ব।
যিসকল লোকৰ পাছ নাথাকিব তেওঁলোকে সমাৰোহত অংশগ্ৰহণ কৰিব নোৱাৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে ক’লে যে, আমি পৰীক্ষাত কোনোধৰণৰ ক্ৰুতি আহিবলৈ দিয়া নাই।
তেওঁ ক’লে যে দিল্লীত আটাইতকৈ বেছি টেষ্টিং হৈছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে ক’লে যে, কেইবাখনো ৰাজ্যই আক্ৰান্ত লোকৰ সংখ্যা লুকাইছে, টেষ্টৰ সংখ্যাত হেৰাফেৰি কৰিছে।
তেওঁ লগতে ক’লে যে, দিল্লীত এতিয়া ICU বিছনা প্ৰায় শেষ হৈছে।
হাস্পতালসমূহত ঔষধ আৰু অক্সিজেনৰ পৰিমান কমি আহিছে। বৰ্তমান দিল্লীত ক’ৰোনাৰ চতুৰ্থ ঢৌৱে স্পৰ্শ কৰিছে।
Photo: Google