সন্মুখত অসমীয়াৰ হেঁপাহৰ বহাগ বিহু। চাৰিওফালে আনন্দ-উলাহৰ উৎসৱমুখৰ পৰিৱেশ। বসন্ত ঋতুৰ আগমনৰ লগেলগে প্ৰকৃতিয়েও সলাইছে বৰণ। ফুলে-ফলে জাতিস্কাৰ হৈছে প্ৰকৃতি। সমগ্ৰ মানৱ জাতিক সুৰক্ষিত কৰি ৰখাৰ বাবেই যেন প্ৰকৃতিৰ সেউজ আৱাহন। সেউজ প্ৰকৃতি প্ৰযুক্তিৰো আধাৰ। চাৰিওপিনে এখন প্ৰদূষণমুক্ত পৃথিৱী সৃষ্টি কৰি মানৱজাতিক নিজকে ৰক্ষা কৰিবলৈ যেন পৰিচ্ছন্ন প্ৰকৃতিয়ে সোঁৱৰাই দিছেহি। সেয়ে এই গুৰুত্বপূৰ্ণ সময়ত অসম চৰকাৰৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে বৰঅসমৰ সকলো ৰাইজৰ প্ৰতি আহ্বান জনাই কয় যে প্ৰকৃতিৰ ঋতু পৰিবৰ্তনৰ সময়তে আপোনাৰ মৰমৰ বাহনখনৰো ইঞ্জিনৰ লগতে আনুসঙ্গিক সকলো দিশ পৰীক্ষা কৰক। আপোনাৰ গাড়ীৰ পৰা নিৰ্গত ধোঁৱাই যাতে প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰি মানৱজাতিক অসুৰক্ষিত অৱস্থালৈ ঠেলি নিদিয়ে তাৰ প্ৰতি গভীৰভাৱে মনোনিৱেশ কৰক। কিয়নো যানবাহনৰ নিৰ্গত ধোৱা অৰ্থাৎ কাৰ্বন মনক্সাইড মানৱ শৰীৰত নীৰবে প্ৰৱেশ কৰি হাঁওফাঁও আৰু ছালৰ বিভিন্ন জটিল ৰোগ সৃষ্টি কৰে। সেয়ে বৰ্তমান চৰকাৰেও পৰিৱেশ সংৰক্ষণৰ বাবে গছপুলি ৰোপনত অধিক গুৰুত্ব আৰোপ কৰিছে। এনেক্ষেত্ৰত প্ৰত্যেকেই নিজৰ বাহনসমূহ প্ৰদূষণমুক্ত কৰি নিজকে সুৰক্ষিত কৰাৰ লগতে সমাজখনকো সুৰক্ষিত কৰি ৰাখিব লাগিব। ইয়াৰ বাবে গৰাকীয়ে বাহনৰ প্ৰদূষণমুক্তৰ প্ৰমাণপত্ৰ লগত ৰাখিব লাগিব। কিয়নো প্ৰদূষণমুক্তৰ প্ৰমাণপত্ৰ লগত নাথাকিলে যানবাহন বিধিৰ ১৯০ ধাৰাত ১০হাজাৰ টকাৰ জৰিমনা লোৱাটো নিয়ম।
এনেক্ষেত্ৰত অসম চৰকাৰৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে সকলো যানবাহনৰ গৰাকীক অসমীয়া নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে কয় যে গছে বনে নতুন ৰূপধাৰণ কৰাৰ মুহূৰ্ততে আপুনিও আপোনাৰ বাহনখনৰ এক নতুন ৰূপ দি প্ৰদূষণমুক্ত বাহন হিচাপে গঢ়ি তোলক আৰু আজিয়ে প্ৰদূষণমুক্তৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰিহে বাহন চলাওক।