নেতৃত্ব কেন্দ্ৰিক সংঘাতৰ বাবে এবছৰলৈ বৃদ্ধি অসম সাহিত্য সভাৰ বৰ্তমানৰ সমিতিৰ কাৰ্যকাল । সভাপতি আসনক লৈ সভাৰ ভিতৰত চলি থকা শীতল যুদ্ধৰ বাবেই নিৰ্ধাৰিত সময়মতে নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰা সমিতিয়ে । গতিকে এবছৰলৈ পিছুৱালে নাৰায়ণপুৰ অধিৱেশন ।
উল্লেখ্য যে যোৱা ৩১ জানুৱাৰীৰ পৰা নাৰায়ণপুৰ অধিৱেশন হোৱাৰ কথা আছিল । ক’ভিড পৰিস্থিতিৰ বাবে অধিৱেশন খন অহা বছৰ ৩১ জানুৱাৰী পৰা ৪ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব বুলি সংবাদমেলত সভাপতি ডঃ কুলধৰ শইকীয়াই প্ৰকাশ কৰে ।
বুধবাৰে অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত হোৱা সিদ্ধান্ত মৰ্মে নাৰায়ণপুৰৰ অধিৱেশন নোহোৱা পৰ্যন্ত বৰ্তমানৰ সমিতিখনৰ কাৰ্যকাল বাহাল থাকিব বুলি সিদ্ধান্ত লোৱা হয় । ইপিনে সাহিত্য সভাৰ জিলা সমিতিসমূহো বাহাল থাকিব । প্ৰতিনিধি সভাত নাৰায়ণপুৰ আদৰণি সমিতিয়ে অধিৱেশনখন চলিত বৰ্ষত অনুষ্ঠিত কৰিব নোৱাৰা কথা লিখিত আকাৰে প্ৰতিবেদন দাখিল কৰা বুলিও সভাপতি শইকীয়াই উল্লেখ কৰে ।
সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকসকলৰ উপৰিও বিভিন্ন জিলা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা প্ৰতিনিধি সভাত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি বৰ্তমানৰ সমিতিখনৰ কাৰ্যকাল ২০২৩ বৰ্ষৰ ৪ ফেব্ৰুৱাৰীতকৈ অধিক হ’ব নোৱাৰিব বুলিও সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
ক’ভিড সৃষ্টি পৰিৱেশৰ বাবেই যোৱা নৱেম্বৰত সভা নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰা বুলি উল্লেখ কৰে শইকীয়াই । নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে গঠন কৰিব লগা নিৰ্বাচনী কমিটি গঠনৰ অসুবিধা বাবেই মূলত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নগ’ল বুলি তেওঁ স্পষ্ট কৰি দিয়ে । আনহাতে সাহিত্য সভাৰ কৰ্মচাৰীৰ বন্ধ হৈ থকা দৰমহা প্ৰদানৰ সন্দৰ্ভতো প্ৰতিনিধি সভাত আলোচনা হোৱা বুলি সংবাদমেলত অৱগত কৰে সভাপতি ডঃ কুলধৰ শইকীয়াই ।