অসম ছাত্ৰ পৰিষদৰ অভিনৱ পদক্ষেপ। আজি অসম ছাত্ৰ পৰিষদৰ তৃতীয় কাৰ্যবাহী সভাত মিছন ১০০০ নামেৰে এক নতুন আঁচনিৰ শুভাৰম্ভ কৰে। এই আঁচনি মুখ্য উদ্দেশ্য হৈছে ডিগ্ৰী পৰ্যায়ৰ শিক্ষাৰ্থীসকলক এপিএছচি – ইউপিএছচিৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।
সংবাদমাধ্যমৰ সৈতে এক বাৰ্তালাপত অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱাই কয় যে-“মিছন ১০০০ আঁচনিৰ অধীনত ১০০০ শিক্ষাৰ্থীক বিনামূলীয়াকৈ এপিএছচি আৰু ইউপিএছচিৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। আজিৰ পৰা আগ্ৰহী লোকসকলে ইয়াত নাম পঞ্জীয়ন কৰিব পাৰিব আৰু একে দিনাৰ পৰাই মুখ্য পেপাৰ “সাধাৰণ জ্ঞান”ৰ প্ৰশিক্ষণ আৰম্ভ কৰি দিয়া হ’ব।”