বঢ়মপুৰত এক হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে।
ৰাজ্যত ক’ৰোনাত আক্ৰান্ত ৰোগীৰ মৃত্যুৰ কিৰিলি, আনফালে আজি সন্দেহজনকভাৱে মৃত্যুক আঁকোৱালি লৈ প্ৰায় ২২টা কৈ হাতীয়ে।
বামুনী পাহাৰৰ দুৰ্গম ওখ চুৰাটত এটা বনৰীয়া হাতীৰ জাকৰ মৃত্যু হয়। বৰ্তমানলৈকে ৪টা হাতীৰ মৃতদেহ উদ্ধাৰ, প্ৰায় ২২টা হাতীৰ মৃত্যু হোৱাৰ সন্দেহ পাহাৰখনত।
প্ৰাথমিক অনুসন্ধান অনুসৰি বজ্ৰপাতৰ ফলত মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে বন বিভাগে।
কিন্তু বিশাল সংখ্যক গজৰাজৰ মৃত্যুৰ আঁৰৰ ৰহস্য কি?
সমগ্ৰ বিশ্বতে ক’ৰোনাই যিধৰণে লাখ লাখ লোকক মৃত্যুৰ গৰাহলৈ ঠেলিছে, ঠিক তেনেদৰে বিশ্বৰ বহু কেইখন চিৰিয়াখানাত হাজাৰ হাজাৰ বন্য জন্তুৱে ক’ৰোনাৰ ওচৰত হাৰ মানিছে।
সমগ্ৰ বিশ্বত বন্য জন্তু বিলাকক যিদৰে ক’ৰোনাই গ্ৰাস কৰিছে, সেইদৰে বঢ়মপুৰত এই বিশাল সংখ্যক হাতীৰ মৃত্যুৰ আঁৰত আছে নেকি ক’ৰোনাৰ প্ৰকোপ?
আনহাতে নগাঁৱৰ বন বিভাগে বৃহস্পতিবাৰে বিয়লি গ্ৰামাঞ্চলৰ লোকৰ পৰা এই কথা জানিবলৈ পাই পাহাৰখনত অনুসন্ধান কৰাৰ ব্যবস্থা কৰিছিল।
অতি দুৰ্গম স্থান হোৱাৰ বাবে বনবিভাগেও বহু অসুবিধাৰ সন্মুখীন হয়।
কিন্তু বৰ্তমানেও জানিব পৰা হোৱা নাই এই হাতীকেইটাৰ প্ৰকৃত কাৰণ কি?
ইফালে বঢ়মপুৰত প্ৰকৃতিৰ বুকুত ২০ টাকৈ হাতী হেৰাই যোৱা সন্দৰ্ভত তেজপুৰৰ প্ৰকৃতি প্ৰেমী দিলীপ নাথে চি বি আইৰ তদন্তৰ আহ্বান জনাইছে চৰকাৰক।
লগতে তেওঁ অভিযোগ উত্থাপন কৰিছে যে, এয়া বজ্ৰপাতৰ বাবে নহয়, এয়া কোনো দুৰ্বৃত্তৰ কাম।
Photo: Headline8