উত্তৰ পূৱ ভাৰতৰ প্ৰথমটো অত্যাধুনিক ফ্ৰাইট’ট্ৰন প্ৰকল্প আজি অসম কৃষি বিশ্ববিদ্যালয়ত মুকলি কৰা হয়। ভাৰত চৰকাৰৰ জৈৱ প্ৰযুক্তিবিদ্যা বিভাগৰ পুজিৰে নিৰ্মাণ কৰা এই অত্যাধুনিক ফ্ৰাইট’ট্ৰন প্ৰকল্প মুকলি কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই।
মুকলি অনুষ্ঠানটোত বক্তব্যত তেখেতে কয় যে, এই প্ৰকল্পটো এটা ৰাষ্ট্ৰীয় সম্পদ। কৃষি জৈৱ প্ৰযুক্তিবিদ্যা আৰু গৱেষণাৰ বাবে স্থাপন কৰা এই প্ৰকল্পই উত্তৰ পূৱ ভাৰতৰ কৃষি গৱেষণাৰ দিশত গৱেষক তথা শিক্ষাৰ্থী সকলক যথেষ্ট উপকৃত কৰিব পাৰিব। লগতে কয় যে, এই প্ৰকল্পটোৱে পৰিৱৰ্তিত পৰিস্থিতিত সজীৱ শস্যৰ প্ৰতিক্ৰিয়া সম্পৰ্কে গৱেষণা কৰাৰ লগতে কলাকৰ্ষণৰ ক্ষেত্ৰতো সহায় কৰিব।
বিশ্ববিদ্যালয়ৰ উত্তৰ পূৱ জৈৱ প্ৰযুক্তিবিদ্যা কেন্দ্ৰৰ সঞ্চালক ড° বিদ্যুত কুমাৰ শৰ্মাই কয় যে, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস তথা চতুৰ্থ বৈজ্ঞানিক পৰামৰ্শমুলক সমিতি (এছ এ ছি ) ৰ লগত সংগতি ৰাখি মুকলি কৰা এই প্ৰকল্পই শস্য জৈৱ প্ৰযুক্তিবিদ্যাৰ গৱেষণাক যথেষ্ট গুৰুত্ব তথা উদ্গনি জনাব।
প্ৰায় ৩ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা উত্তৰ-পূৱ ভাৰতৰ এইটো প্ৰথমটো নিয়ন্ত্ৰিত ভাবে উদ্ভিদ বিকাশ প্ৰকল্প। এই প্ৰকল্পটো অঞ্চলটোৰ অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানৰ ছাত্ৰ- ছাত্ৰী তথা সকলোৱে ব্যৱহাৰ কৰিব পাৰিব।
এই অনুষ্ঠানত জৈৱ প্ৰযুক্তি বিদ্যাৰ ভাৰত চৰকাৰৰ কেন্দ্ৰীয় বিভাগৰ জ্যেষ্ঠ পৰামৰ্শদাতা ড° এম আছলাম,ড° টি মদন মোহন আৰু শস্য জৈৱপ্ৰযুক্তিবিদ্যাৰ বিশেষজ্ঞসকল কৃষি বিজ্ঞানগুৰু ড° জয়ন্ত ডেকা, সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠক, সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° ৰঞ্জিত কুমাৰ সাউদৰ লগতে আৰু বিশ্ববিদ্যালয়ৰ কেইবাজনো বিভাগীয় মুৰব্বী আৰু গৱেষক উপস্থিত থাকে।