ৰাজ্যত এতিয়া নিৰ্বাচনী বতাহ বলিছে দ্ৰুত বেগত।
সমষ্টিয়ে সমষ্টিয়ে চলিছে প্ৰাৰ্থীসকলৰ জোৰদাৰ প্ৰচাৰ অভিযান।
প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ অভিযান চলাইছে হাইৱেটৰ নেতাসকলেও।
ইতিমধ্যে ৰাজ্যত প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া সমাপ্ত হয়।
প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছত এইবাৰ দ্বিতীয় পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়ালৈ সাজু হৈছে ৰাজ্যবাসী।
কিন্তু এইখিনিতেই এটা প্ৰশ্ন উত্থাপন নকৰাকৈ থাকিব নোৱাৰি যে, আচলতে নিৰ্বাচন কাৰ বাবে?
জনতাৰ বাবে নে চৰকাৰৰ বাবে? এখন চৰকাৰ গঠন হ’বলৈ লাগে ৰাইজৰ ভোট।
ৰাইজে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি এখন চৰকাৰ গঠন কৰে যাতে সেই চৰকাৰখনে ৰাইজৰ সমস্যাসমূহ দূৰ কৰে।
এইখিনিতেই বাৰু ঠিকে আছে। কিন্তু নিৰ্বাচনৰ বাবে কিয় হাৰাশাস্তি খাবলগীয়া হয় জনসাধাৰণ।
নিৰ্বাচন আহিলেই মহানগৰীত কিয় বাছৰ অভাৱটো এক জলন্ত সমস্যা হৈ পৰে?
কেৱল এখন বাছৰ বাবে ২-৩ ঘণ্টা ৰৈ যাবলগীয়া হয় নিজৰ গন্তব্য স্থানলৈ।
তাকো বাছখন গুড়ত মাখি পৰাৰ দৰে ওলমি ওলমি।
ঠিক আছে আমি বুজিলো নিৰ্বাচন হয়,গতিকে অলপ ইফাল সিফাল হোৱাটো স্বাভাৱিক।
কিন্তু ৰাইজৰ হকে কাম কৰিম প্ৰতিশ্ৰুতি দিয়া নেতা-মন্ত্ৰীসকলে কিয় এই কথাটো নাভাৱে যে, বাছে হওক বা অন্য ৰাজহুৱা বাহনে হওক, সেইসমূহৰ মালিকসকলক টকাৰ প্ৰলোভন দি নিৰ্বাচনী প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা এই ৰাজহুৱা বাহনসমূহ ৰাইজৰ বাবে কিমান প্ৰয়োজন!
আমি কেইখনমান ফটো দেখুৱাম যিয়ে আপোনালোকক ভাবিবলৈ বাধ্য কৰাব যে, আচলতে নিৰ্বাচন কাৰ বাবে?
ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ সৌ সিদিনালৈ চিঞৰি আছিল- দুগজ দূৰত্ব বজাই ৰাখক।
এতিয়া ক’ত গ’ল সেই দুগজ দূৰত্ব? নে বিধানসভা নিৰ্বাচনৰ বাবে পাহৰি গ’ল ক’ৰোনাৰ দ্বিতীয়টো ঢৌৰ কথা।
দেশত এতিয়াও দিনক দিনে বৃদ্ধি হৈ গৈ আছে ক’ৰোনা আক্ৰান্ত লোকৰ সংখ্যা। সেই পৰিপ্ৰেক্ষিতত ৰাজ্যত এই অৱস্থা।
দুগজ দূৰত্বটো বাদে দিয়ক এখন বাছতে ঠেলি-হেচি সোমাই যাবলগীয়া হৈছে নিজ গন্তব্য স্থানলৈ।
কাৰণ উপায় নাই ৰাইজৰ। যোৱাটো যাবই লাগিব।
কিন্তু এইখিনিতেই এই কথাটো উল্লেখ নকৰাকৈ নোৱাৰি যে, নিৰ্বাচন আহিলেই ৰাইজৰ এই দুৰ্দশা হোৱাটো খুবেই দুখঃজনক।
ৰাইজক হাৰাশাস্তি নকৰাকৈ খেলক নিৰ্বাচন, কিন্তু ৰাইজক বাদ দি নিৰ্বাচন খেলাটো কিমান যুক্তিকৰ!
Photo: Headline8