আজি ৰাজ্যত তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন।
ৰাজ্যৰ ১২খন জিলাৰ ৪০টা সমষ্টিত অনুষ্ঠিত হয় এই ভোটগ্ৰহণ।
অসমৰ দক্ষিণ শালমৰা, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, বজালী, কামৰূপ, কামৰূপ(মেট্ৰ’), নলবাৰী আৰু বাক্সা জিলাত আৰম্ভ হ’ল ভোটগ্ৰহণ প্ৰক্ৰিয়া।
১১,৪০১টা কেন্দ্ৰত ভোটগ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ। মুঠ ৭৯,১৯,৬৪১গৰাকী প্ৰাৰ্থীয়ে সাব্যস্ত কৰিব ভোটাধিকাৰ।
ইয়াৰে ভিতৰত পুৰুষৰ সংখ্যা ৪০,১১,৫৩৯গৰাকী, মহিলা ভোটাৰৰ সংখ্যা ৩৯,০৭,৯৬৩গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ১৩৯গৰাকী।
কামৰূপ জিলা চাৰিটাকৈ বিধানসভা সমষ্টি ক্ৰমে হাজো, পলাশবাৰী, বকো, ছয়গাঁওত আজি অনুষ্ঠিত হয় ভোটগ্ৰহণ।
Photo: Headline8