কাইলৈ ৰাজ্যত তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন। ৰাজ্যৰ ১২খন জিলাৰ ৪০টা সমষ্টিত অনুষ্ঠিত হ’ব এই ভোটগ্ৰহণ।
অসমৰ দক্ষিণ শালমৰা, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, বজালী, কামৰূপ, কামৰূপ(মেট্ৰ’), নলবাৰী আৰু বাক্সা জিলাত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।
১১,৪০১টা কেন্দ্ৰত ভোটগ্ৰহণৰ বাবে সাজু নিৰ্বাচন আয়োগ।
মুঠ ৭৯,১৯,৬৪১গৰাকী প্ৰাৰ্থীয়ে সাব্যস্ত কৰিব ভোটাধিকাৰ।
ইয়াৰে ভিতৰত পুৰুষৰ সংখ্যা ৪০,১১,৫৩৯গৰাকী, মহিলা ভোটাৰৰ সংখ্যা ৩৯,০৭,৯৬৩গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ১৩৯গৰাকী।
কামৰূপ জিলা চাৰিটাকৈ বিধানসভা সমষ্টি ক্ৰমে হাজো, পলাশবাৰী, বকো, ছয়গাঁওত কাইলৈ অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।
আজি পুৱা ৫ বজাৰ পৰা আৰম্ভ হৈছে EVM বিতৰণ কাৰ্য্যসূচী। কামৰূপ নিৰ্বাচনী জিলাত থাকিব মুঠ ১১০৬ টা ভোট গ্ৰহন কেন্দ্ৰ, ইয়াৰে ৫৫৩ টা ভোটগ্ৰহণ কেন্দ্ৰত থাকিব ৱেব কাষ্টিং ব্যৱস্থা।
জিলাখনত থাকিব ৪০ টা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ আৰু ২০ টা মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ।
Photo: Google