কাইলৈৰ পৰা আৰম্ভ হ’ব বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ কাৰ্যসূচী।
ৰাজ্যত ৩টা পৰ্যায়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন।
২৭ মাৰ্চ অৰ্থাৎ কাইলৈ অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন।
১ এপ্ৰিলত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু ৬ এপ্ৰিলত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন।
নিৰ্বাচনৰ পূৰ্বে এতিয়া নিৰ্বাচনী বিষয়াসকলো তৎপৰ হৈ উঠিছে।
কাইলৈ যিহেতু উজনি অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব গতিকে নিৰ্বাচনী বিষয়াসকল ইতিমধ্যে উপস্থিত হৈছে সেই স্থানসমূহত।
কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল এইটো যে,
যিসকল সুৰাপ্ৰেমী, সেইসকল লোকে এই কথাটো জানি থোৱা ভাল যে আচলতে নিৰ্বাচনৰ দিন কেইটাত কেতিয়া কেতিয়া হ’ব ড্ৰাই ডে’।
বহু লোকে হয়টো এইটো কথাটো ভাবিব পাৰে যে ২৭ মাৰ্চৰ পৰা ৬ এপ্ৰিললৈ হ’ব ড্ৰাই ডে’।
কিন্তু এই কথাটো শুদ্ধ নহয় কাৰণ জাৰি কৰা নিৰ্দেশনা অনুসৰি,
ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ ৪৮ ঘণ্টাৰ পূৰ্বৰে পৰা বন্ধ হৈ পৰিব সুৰাৰ দোকান, বাৰ, হোটেল যিসমূহ বিপনীত সুৰা বিক্ৰী কৰা হ’ব।
যিহেতুকে অসমত ৩টা পৰ্যায়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।
গতিকে ২৭ মাৰ্চ, ১ এপ্ৰিল আৰু ৬ এপ্ৰিলৰ পূৰ্বৰ ৪৮ ঘণ্টা ড্ৰাই ডে’ ঘোষণা কৰা হৈছে।
কাইলৈ উজনি অসমত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন গতিকে ২৫ মাৰ্চৰ সন্ধিয়া ৬ বজাৰ পৰা ২৭ মাৰ্চৰ সন্ধিয়ালৈ বন্ধ থাকিব সুৰাৰ বিপণীসমূহ।
ইফালে ১ এপ্ৰিলত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন গতিকে ৩০ মাৰ্চৰ সন্ধিয়া ৬ বজাৰ পৰা ১ এপ্ৰিলৰ সন্ধিয়া ৬ বজালৈ বন্ধ থাকিব সুৰাৰ সকলো বিপণী।
সেই একেদৰে ৬ এপ্ৰিলত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন গতিকে ৪ এপ্ৰিলৰ সন্ধিয়া ৬ বজাৰ পৰা ৬ এপ্ৰিলৰ সন্ধিয়া ৬ বজালৈ বন্ধ থাকিব সকলোধৰণৰ সুৰাৰ বিপণীসমূহ।
Photo Credit: Google