আজি বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া।
বৰ্তমানলৈ ২৫.৮৩ শতাংশ লোকে ভোট সাব্যস্ত কৰিছে।
ৰাজ্যৰ ১২খন জিলাৰ ৪৭টা সমষ্টিত ২৬৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য পৰীক্ষা কৰিব আজি ৰাইজে।
প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়াত ভোট সাব্যস্ত কৰে মৰিয়নীৰ কংগ্ৰেছী প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে।
ধুতি কুৰ্টা পিন্ধি কঠালগুৰি ৬৯নং ভোট কেন্দ্ৰত সাব্যস্ত কৰে নিজৰ ভোটাধিকাৰ ৷
শনিবাৰে অনুষ্ঠিত হোৱা ৰাজ্যৰ প্ৰথম পৰ্যায় নিৰ্বাচনৰ অন্যতম সমষ্টি ভিতৰত এটা সমষ্টি হৈছে মৰিয়নী ৷
মৰিয়নী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে পূৰ্বৰ দৰে চলিত বৰ্ষতো মৰিয়নীৰ কঠালগুৰি চাহ-বাগিচাৰ ৬৯নং বাগিচা ষ্টাফ ক্লাবত ধুতি কুৰ্টা পিন্ধি আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ৷
ৰূপজ্যোতি কুৰ্মীৰ মতে চতুৰ্থ বাৰৰ বাবেও মৰিয়নীৰ ভোটাৰসকলে ৰূপজ্যোতি কুৰ্মীকে নিৰ্বাচন কৰিব লগতে তেওঁ এইবাৰ পূৰ্বতকৈ অধিক ভোটত জয়ী হ’ব বুলি আশা প্ৰকাশ কৰে।
Photo: Headline8