অসমৰ ৰাইজে ১৯৮৫ চনত বৰ আশাৰে, বৰঘৰ দিছপুৰত অগপ দলৰ জৰিয়তে অঞ্চলিকতাবাদৰ ধ্বজা খন উৰুৱাইছিল।
কিন্তু পৰৱৰ্তী সময়ত নিচেই কম দিনৰ ভিতৰতে ছাত্ৰৰ পৰা ৰাতিটোৰ ভিতৰতে মন্ত্ৰী বিধায়ক হোৱা তথাকথিত নেতাসকলে কেৱল নিজৰ স্বাৰ্থ পূৰণৰ বাবে সেই ধ্বজাখন নমাই আনি গচকি মোহাৰি পেলালে।
অগপ দলটোক কেইজনমান নেতাই পৈতৃক সম্পত্তিৰূপে জ্ঞান কৰি নিজ খেয়াল খুচি মতে প্ৰথমে প্ৰয়াত ভৃগু ফুকন, বৃন্দাবন গোস্বামী ,পুলকেশ বৰুৱাই ন-অগপ ,তাৰ পিছত প্ৰফুল্ল মহন্তই প্ৰগতিশীল অগপ ,প্ৰবিন্দ ডেকাই জনশক্তি সংগ্ৰাম পৰিষদ গঠন কৰি অসমৰ আঞ্চলিকতাবাদৰ ৰাজনীতিক কফিনত ভৰালে।
তেৰাসবৰ কেইজনমানে আজিও নির্লজ্জৰ দৰে নিজ নিজ একো একোটা সমষ্টি ‘য়ে মেৰা এলেকা হ্যে’ চিন্তাৰে এৰি নিদি আৰু এচামে এটাৰ পিছত আনটো দল বাগৰি নিজেৰ স্বাৰ্থপৰ চৰিত্ৰটি ৰাইজৰ আগত সগৌৰৱেৰে দাঙি ধৰি আগন্তুক বিধানসভাৰ নিৰ্বাচন জিকাৰ চেষ্টা পূর্ণোদ্যমে অব্যাহত ৰাখিছে।
অগপই চূর্ণ বিচূৰ্ণ কৰি পেলোৱা অসমৰ আঞ্চলিকতাবাদী ৰাজনীতিৰ ধাৰাটো পুনৰ সজীৱ হৈ উঠিব খুজিছিল ‘কা’ আন্দোলনৰ মাজেৰে।
‘কা’ আন্দোলনৰ নেতাসকলৰ কথাত অসমৰ ৰাইজৰ মুখলৈ পানী আহিছিল।
কিন্তু আন্দোলনৰ প্ৰথমটো পদক্ষেপতে যি ‘হুলীগানী’ প্ৰথাৰে গুৱাহাটী মহানগৰীকে আদি কৰি অসমৰ বিভিন্ন প্ৰান্তত ধ্বংসলীলা চলিল, সেইবোৰ দেখি শুনি অসমৰ সঁচা অৰ্থত উন্নতি বিচৰা ৰাইজৰ হাত ভৰি পেটতে লুকাল।
যিমুহূৰ্তত স্বাধীনোত্তৰ অসমলৈ পোন প্ৰথমবাৰৰ বাবে আহিবলৈ ওলোৱা জাপানৰ প্ৰধানমন্ত্ৰীৰ বাবে সজা পেণ্ডেলটি ভাঙি পেলোৱা হ’ল আৰু বাধ্যত পৰি তেওঁৰ সেই ভ্ৰমণ বাতিল কৰিব লগা হ’ল,তাতেই আন্দোলনকাৰী নেতাসকল যে অদূৰদৰ্শী আৰু অপৰিপক্ক আছিল সেই কথা প্ৰমাণ হ’ল।
পৰৱৰ্তী সময়ত জন্ম হ’ল পুনৰ তিনিটা আঞ্চলিকতাবাদী ৰাজনৈতিক দল অজাপ ,ৰাইজৰ দল আৰু আঞ্চলিক গণমৰ্চা।
ৰাইজে আশা কৰিছিল এই তিনিওটা এক হৈ পুনৰ অঞ্চলিকতাবাদীৰ ৰাজনীতিক অসমত প্ৰতিষ্ঠা কৰিব।
কিন্তু কাৰ্যত: দেখা গ’ল তেওঁলোকে বিজেপিৰ দৰে সুসংগঠিত, শৃংখলাবদ্ধ বৃহৎ দলটিৰ লগত এনেদৰে ৰাজনৈতিক যুঁজখন দিব ,সেই পৰিকল্পনা কৰিব পৰাৰ বিচক্ষণতাকনো দেখুৱাব নোৱাৰিলে ৰাইজৰ আগত।
পুৰণিকলীয়া ৰাইফল লৈ আমেৰিকাৰ লগত যেন যুঁজহে কৰিবলৈ ওলাইছে ঠিক তেনেকুৱাই হ’ল।
আনকি কংগ্ৰেছৰ দৰে ইমান পুৰণি দল এটায়ো মহাশক্তি ধৰ বিজেপিক প্ৰতিহত কৰিবলৈ এসময়ত ‘ হু ইজ বদৰুদ্দিন’ বুলি উপলুঙা কৰা ‘এ আই ইউ ডি এফ’ দলৰ লগত লাজ মান কাটি কৰি মিত্ৰতা কৰাৰ উপৰিও ‘ডিজাইণ্ড বক্স ‘ নামৰ এটা পেছাদাৰী কোম্পানীক নিৰ্বাচন কিদৰে জয়ী হ’ব পাৰি তাৰ ৰোডমেপ তৈয়াৰ কৰিবলৈ দ্বায়িত্ব দিছে বহু টকা ব্যয় কৰি।
অন্যহাতেদি ‘কা’ আন্দোলনৰ সুবিধা গ্ৰহণ কৰি অজিত ভূঞা ডাঙৰীয়াই নিজৰ সপোন সাৰ্থক কৰি ৰাজ্য সভাৰ সদস্য হ’ল।
এইবাৰৰ বিধানসভাৰ নিৰ্বাচনত তেওঁৰ আঞ্চলিক গণমৰ্চাই কংগ্ৰেছৰ মহাজোঁট বন্ধনত চামিল হৈ যেন-তেন-প্ৰকাৰেন তেওঁৰ সহযোগী মনজিত মহন্তক বিধানসভালৈ নিৰ্বাচিত কৰি অনাৰ স্বাৰ্থতে তেওঁৰ আঞ্চলিকতাবাদী চৰিত্ৰক বিসৰ্জন দিলে।
এসময়ত অজিত ভূঞা আৰু মনজিত মহন্তই বেলেগ বেলেগ কাৰণত হিতেশ্বৰ শইকীয়াৰ মুখ্যমন্ত্ৰীত্বৰ কালত কাৰাবাস খটাৰ পিছতো পুনৰ কংগ্ৰেছ দলৰ লগত হাত মিলোৱাৰ মূলতে হ’ল তেওঁলোকৰ ব্যক্তিগত এজেণ্ডা পূৰণ কৰা।
ইফালে অখিল গগৈয়ে সময়ে সময়ে নিজৰ স্থিতি সলনি কৰি থকা চৰিত্ৰৰ বাবে- কেতিয়াবা হিমন্ত বিশ্ব শৰ্মাৰ বিপক্ষে সংবাদমেল দিয়া, প্ৰয়াত তৰুণ গগৈৰ আমেৰিকাত ঘৰ থকাৰ ফটো দেখুওৱা ,ফাঁচী বজাৰত জনৈক বুৰাকীয়াৰ ঘৰত ধৰ্ণা দিয়া ,বাহিনী নৈৰ সোঁত বন্ধ কৰা জনৈক হিম্মতছিংকাৰ বিৰুদ্ধে আন্দোলন কৰা, দিছপুৰত তেওঁলোকৰ উচটনিত প্ৰণৱ বড়োৱে আত্মজাহ যোৱা, ৰহাৰ টোলগেট গুণ্ডামি কৰি ভাঙি পেলোৱা ইত্যাদি বিষয়বোৰ ৰাইজৰ আগত দাঙি ধৰি জনপ্ৰিয় হৈ পৰিছিল যদিও তেওঁৰ নেতৃত্বৰ ‘ৰাইজৰ দলৰ’ মূল কাণ্ডাৰী উপদেষ্টা ডঃ হীৰেণ গোহাঁই দেৱে অখিল গগৈৰ ওপৰত অতিষ্ঠ হৈ পদত্যাগ কৰিবলৈ বাধ্য হ’ল।
যশস্বী চিত্ৰ পৰিচালক জাহ্নু বৰুৱাদেৱো আঁতৰি যোৱা যেন হ’ল। অজাপ দলে তাৰ মাজতে কিছু আশাৰ ৰেঙনি চটিয়াব খুজিছিল যদিও তেওঁলোকে বৰকৈ মুখখন মেলি বৰ্তমান কোৱাৰী ফটাৰ অৱস্থা হোৱাৰ উপক্ৰম হৈছে।
অজাপ দলৰ উপদেষ্টা মণ্ডলীয়ে অন্ততঃ হৃদয়ংগম কৰিব পাৰিব লাগিছিল যে, বিজেপিক প্ৰতিহত কৰিবলৈ হ’লে এটা সুপৰিকল্পিত, বিজ্ঞানসন্মত ৰাজনৈতিক বিকল্প পথ ৰাইজৰ আগত দাঙি ধৰিবই লাগিব।
তাকে নকৰি তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰাৰ খাতিৰতে এচাম প্ৰাৰ্থীক বিধানসভা নিৰ্বাচনত থিয় কৰাই হাতৰ কুঠাৰ ভৰিত মাৰিলে বুলি ক’ব পাৰি।
অজাপ,ৰাইজৰ দল ,আঞ্চলিক গণ মৰ্চা একত্ৰিত হৈ কি কাৰণত এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব নোৱাৰিলে তাৰ উত্তৰ কিন্তু ভৱিষ্যতে অসমৰ ৰাইজৰ কাঠ গড়াত তেওঁলোকে দিবই লাগিব।
কাৰণ অসমৰ অঞ্চলিকতাবাদী ৰাজনীতিৰ ধাৰাটো প্রায় ৩৫টা বছৰৰ পিছত পুনৰ সক্ৰিয় হ’ব খোজোতে এই দল তিনিটাৰ নেতৃত্ববৃন্দই কেৱল নিজ নিজ স্বাৰ্থ পূৰণৰ বাবেই একত্ৰিত নহৈ অগপ দলে কফিনত ভৰাই থৈ যোৱা অঞ্চলিকতাবাদী ৰাজনীতিক আগন্তুক নিৰ্বাচনত এইবাৰ কবৰ খান্দি পুতি যে পেলাব তাত কোনো সন্দেহ নাই।
অসমত আঞ্চলিকতাবাদ ফল্গু ধাৰা হৈ সদায় হয়তো বৈ থাকিব সৰস্বতী নৈৰ দৰেই, কিন্তু বোৱতী ধাৰাহৈ কেতিয়া পুনৰ প্রকাশ ঘটিব সেই কথা সময়েহে ক’ব। অসমৰ ৰাইজে বাৰে বাৰে টেঙা আম যে আৰু নাখাই সেই কথা এইবাৰ নিৰ্বাচনত ওলাই পৰিব।
Photo: Google