নিৰ্বাচনী আয়োগে জানিবলৈ দিয়া অনুসৰি, ৩৯টা সমষ্টিৰ বাবে অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া অব্যাহত।
বিয়লি ৪ বজালৈ ৬৮.১০ শতাংশ লোকে ভোটাধিকাৰ সাব্যস্ত কৰে।
বিয়লি ৪ বজালৈ নলবাৰী সমষ্টিত আটাইতকৈ অধিক শতাংশ ভোট সাব্যস্ত।
ইফালে যমুনামুখত কম শতাংশৰ ভোট সাব্যস্ত।
আজি ৰাজ্যৰ ৩৯টা সমষ্টিত বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হয়।
পুৱা ৭ বজাৰ পৰা আৰম্ভ হয় ভোটদান প্ৰক্ৰিয়া।
বিয়লি ৩ বজালৈ ৰাজ্যত ৫৯.১৫ শতাংশ ভোটদান সম্পন্ন হয়।
নিৰ্বাচনৰ আয়োগে জনোৱা অনুসৰি, ৩৯টা সমষ্টিত আছে সৰ্বমুঠ ৭৩,৪৪,৬৩১গৰাকী ভোটাৰ।
ইয়াৰে ৩৭,৩৪,৫৩৭ গৰাকী পুৰুষ ভোটাৰ।
সেইদৰে মহিলা ভোটাৰৰ সংখ্যা ৩৬,০৯,৯৫৯গৰাকী। লগতে ১৩৫ গৰাকী তৃতীয় লিংগৰ ভোটাৰ বুলি জানিবলৈ দিয়ে নিৰ্বাচনী আয়োগে।
Photo: Headline8