১ এপ্ৰিলত অসমৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্তত ৰাতাবাৰীত অনুষ্ঠিত হোৱা ভোটগ্ৰহণৰ EVM মেচিন পাথাৰকান্দিত উদ্ধাৰ হোৱাৰ পিছতে ৰাজ্যজুৰি হুলস্থুল পৰিৱেশৰ সৃষ্টি হৈছিল।
আৰু ইয়াৰ বাবে পুনৰ ভোটগ্ৰহণৰ দাবী তুলিছিল ৰাইজৰ লগতে ৰাজনৈতিক দলসমূহেও।
নিৰ্বাচন শেষ হোৱাৰ ৪ দিন উকলি যোৱাৰ পিছত নিৰ্বাচন আয়োগে জাৰি কৰিছিল এক নিৰ্দেশনা।
২০ এপ্ৰিলত বিহুৰ পিছতে অসমৰ তিনিটা সমষ্টিত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰিছিল।
কৰিমগঞ্জ, কাছাৰ আৰু ডিমা হাছাও জিলাৰ মুঠ ৪টা ভোট কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ নিৰ্দেশনা প্ৰদান কৰা হৈছিল।
কৰিমগঞ্জৰ ৰাতাবাৰী, কাছাৰৰ সোনাই আৰু ডিমা হাছাও জিলাৰ হাফলঙত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়।
উল্লেখ্য যে, ৰাতাবাৰীত নিৰ্বাচন শেষ হোৱাৰ পিছতে বিজেপি বিধায়কৰ পত্নীৰ বাহনত উদ্ধাৰ হৈছিল ই ভি এম মেচিন।
Photo: Google