উদুলি মুদুলি চানমাৰীৰ খেলপথাৰ। মহামাৰী ক’ৰণাই পিছতেই ৰাজ্যখন ক্ৰমাৎ ধ্বংসৰ গৰাহলৈ আগবাঢ়িছিল। কিন্তু বৰ্তমান পৰিস্থিতি কিছু সবল হোৱাৰ পিছতেই ৰাজ্যখনত কিছু সকাহ দেখিবলৈ পোৱা গৈছে। অইন বাৰৰ দৰে নৱেম্বৰ-ডিচেম্বৰ মাহত উত্তৰ-পূৱ গ্ৰন্থ মেলাৰ আয়োজন নহ’ল যদিও বুধবাৰৰ পৰা আৰম্ভ হ’ব বহু প্ৰত্যাশিত অসম গ্ৰন্থমেলা । অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সন্থাই যৌথভাৱে প্ৰথমবাৰলৈ আয়োজন কৰিছে এই অসম গ্ৰন্থমেলা ।
উল্লেখ্য যে এই গ্ৰন্থমেলাখনতেই ৩০ ডিচেম্বৰত জ্ঞানপীঠ বঁটাৰে সন্মানিত কাব্যঋষি নীলমণি ফুকনক সম্বৰ্ধনা জনোৱা হ’ব।