ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰাৰ সময়তে বিগত বৰ্ষৰ বাজেট আৰু ইয়াৰ ৰূপায়ণত ব্যৰ্থতাক লৈ চৰ্চা আৰম্ভ হৈছে ৷ বৃহৎ ঋণৰ বোজাত থকা ৰাজ্যখনৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ লগতে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নতুন বাজেটত কি নীতি লয় তাৰ প্ৰতি ৰাইজে লক্ষ্য ৰাখিব যদিও পূৰ্বৰ বাজেটৰ অভিজ্ঞতা সুখকৰ নহয় ৷ এই সমস্যাবোৰৰ উপৰি ব্যাপক মূল্যবৃদ্ধি, বান খহনীয়াত ভাৰাক্ৰান্ত দৰিদ্ৰ তথা মধ্যবিত্ত শ্ৰেণীৰ সকাহৰ বাবেও পূৰ্বৰ বাজেটে বিশেষ ভূমিকা গ্ৰহণ কৰিব নোৱাৰিলে ৷
উল্লেখ্য যে বিগত বিত্তীয় বৰ্ষত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰদৰ্শন আশানুৰূপ নহয় । ২০২১-২২ৰ বাজেটত আবন্টিত পুঁজি ব্যয়ত চৰকাৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৷ নতুন বাজেট দাখিলৰ পূৰ্বে চৰকাৰৰ নিজা আয় পৰ্যাপ্তভাৱে নোহোৱাত আৰু কেন্দ্ৰৰ পৰা পাব লগা ধন ৩১ মাৰ্চৰ আগত সম্পূৰ্ণকৈ পোৱাৰ আশা নথকাত চৰকাৰে ব্যয় সংকোচন কৰিব লগা হৈছে ৷
দৈনিক অসমত প্ৰকাশিত জিতেন্দ্ৰ কুমাৰ চৌধুৰীৰ প্ৰতিবেদন মতে ২০২১-২২ বৰ্ষত বাজেট প্ৰস্তাৱ আছিল ১ লাখ ৭ হাজাৰ ৩১৭ কোটি টকাৰ ৷ পাছলৈ ইয়াক আৰু ১০ হাজাৰ কোটি টকা বৃদ্ধি কৰা হৈছিল । কিন্তু চৰকাৰৰ ৰাজহ সংগ্ৰহো হোৱা নাই আৰু কেন্দ্ৰৰ পৰা পাব লগা ধনো পোৱা নাই । ৩১ মাৰ্চৰ পূৰ্বে চৰকাৰে ২০ হাজাৰ ৮১৮ কোটি টকা কেন্দ্ৰৰপৰা পাব লগা আছিল ৷ কিন্তু ১৩ হাজাৰ কোটি টকাহে পাইছে ৷ ২৮খন ধ্বজাবাহী আঁচনিৰ বাবদ কেন্দ্ৰই দিব লগা আছিল ২৬০১৩ কোটি টকা ৷ কিন্তু এতিয়াও ১০ হাজাৰ কোটি টকা পাবলৈ আছে ৷ বিত্ত আয়োগৰ পৰা পাব লগা আছিল ১১৫০৮ কোটি টকা ৷ তাৰ আধাহে এতিয়ালৈ মুকলি কৰি দিয়া হৈছে ।
বিত্তমন্ত্ৰীয়ে ২৭ হাজাৰ ১৭৭ কোটি টকা ৰাজহ সংগ্ৰহ হ’ব বুলি কৈছিল যদিও তাৰ আশা ভংগ হৈছে ৷ উল্লেখ্য যে মুঠ বাজেট প্ৰস্তাৱৰ ৪৪ হাজাৰ ৫৫৪ কোটি টকা কেৱল দা দৰমহা আৰু পেঞ্চন আদিতেই ব্যয় হ’ব ৷ ধাৰৰ বাবদ দিয়া সুদৰ বাবে ব্যয় হ’ব ৭০০০ কোটি টকা। হিতাধিকাৰীক আৰ্থিক সকাহ, নগদ ধন আদি বিতৰণত ব্যয় হ’ব ১২ হাজাৰ কোটি টকা ।
ফলত চৰকাৰে উন্নয়নমূলক কামকাজত আপোচ কৰিবলৈ বাধ্য হৈছে ৷ বাজেটৰ ৩৬টা শিতানৰ ভিতৰত ২২টাতে এতিয়া কমকৈ ধন ব্যয় কৰা হ’ব । উদাহৰণস্বৰূপে কৃষিভিত্তিক ৰাজ্য হোৱাৰ পাছতো কৃষি শিতানত ধন ২৫৩২ কোটি টকা হ্ৰাস কৰা হৈছে ৷ মূলতঃ কেন্দ্ৰৰ পৰা অহা সাহায্যত নিৰ্ভৰ কৰা ৰাজ্য চৰকাৰক কেন্দ্ৰই ধন আবন্টন নিদিয়াত এইবাৰ বাজেটত চমক থকাৰ সম্ভাৱনা হ্ৰাস পাইছে ৷ এই কথা অজন্তা নেওগে বাজেট পৰ্যালোচনা বৈঠকযোগে ইতিমধ্যে প্ৰকাশ কৰিছে ৷
তৎস্বত্বেও কোভিডকালীন পৰিস্থিতিয়ে মন্থৰ কৰা অৰ্থনীতি আৰু ভাৰাক্ৰান্ত সৰ্বসাধাৰণৰ জীৱন উন্নত কৰাৰ বাবে নতুন বাজেটত প্ৰস্তাৱ থাকিব বুলি আশা কৰা হৈছে ৷ বিশেষকৈ এক লাখ নিযুক্তি দিম বুলি মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি পূৰণৰ ৰূপৰেখা থাকিব বুলি নিবনুৱাসকলে আশা কৰিছে ৷ তাৰ লগত মূল্যবৃদ্ধিৰ কবলত পৰা কৃষক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক আয় বৃদ্ধিৰে সবল কৰাৰ প্ৰস্তাৱ আশা কৰা হৈছে ৷ ধাৰণা কৰা হৈছে যে চলিত বিত্তীয় বৰ্ষৰ শিক্ষা লৈ হিতাধিকাৰী সংস্কৃতিৰ সলনি ৰাজ্যত উদ্যোগ প্ৰতিষ্ঠাৰে সংস্থাপনৰ বাট মুকলি কৰাৰ দিশত চৰকাৰে মনোযোগ দিব ৷