অসমত ক’ৰোনাৰ দ্বিতীয়টো ঢৌৱে এতিয়া ৰাজ্যবাসীৰ মাজত আতংকৰ সৃষ্টি কৰিছে।
বিধানসভা নিৰ্বাচন শেষ হোৱাৰ পিছৰে পৰা ৰাজ্যৰ বিভিন্ন জিলাত দিনক দিনে বৃদ্ধি হৈ গৈয়ে আছে ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা।
বুধবাৰে কামৰূপ মহানগৰৰ সোণাপুৰৰ টেপেছিয়াস্থিত লক্ষ্মীবাই ৰাষ্ট্ৰীয় শাৰীৰিক শৈক্ষিক প্ৰতিষ্ঠানৰ ২০জন ছাত্ৰৰ দেহত ধৰা পৰে ক’ৰোনা।
সোণাপুৰ জিলা চিকিৎসালয়ৰ ক’ভিড পৰীক্ষণ কেন্দ্ৰত আটাইকেইজন ছাত্ৰৰ ক’ৰোনা পৰীক্ষা কৰোৱা হৈছিল ৷
শাৰীৰিক শৈক্ষিক প্ৰতিষ্ঠানখনত সৰ্বমুঠ ১৬০ গৰাকী ছাত্ৰ-ছাত্ৰী হোষ্টেলত আৱাসী হিচাপে বাস কৰি আছে।
এই ঘটনাই প্ৰতিষ্ঠানখনৰ লগতে সমগ্ৰ অঞ্চলটোতে আতংকৰ সৃষ্টি কৰিছে।
ইপিনে শিৱসাগৰতো বুধবাৰ পুনৰ ৮ গৰাকী লোকৰ দেহত ক’ৰোনাৰ ভাইৰাছ ধৰা পৰে।
উল্লেখ্য মঙলবাৰে অসমত ৯২গৰাকী লোকক ক’ৰোনা পজিটিভ পোৱা গৈছিল।
Photo: Google