আজি ৰাজ্যত তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন।
ৰাজ্যৰ ১২খন জিলাৰ ৪০টা সমষ্টিত অনুষ্ঠিত হয় এই ভোটগ্ৰহণ।
অসমৰ দক্ষিণ শালমৰা, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, বজালী, কামৰূপ, কামৰূপ(মেট্ৰ’), নলবাৰী আৰু বাক্সা জিলাত আৰম্ভ হ’ল ভোটগ্ৰহণ প্ৰক্ৰিয়া।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।
দিছপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী অতুল বৰাৰ পত্নীসহ ভোটদান। বাঘৰবৰীৰ এল পি স্কুলত ভোটাধিকাৰ সাব্যস্ত কৰে দুয়োয়ে।
প্ৰধান নিৰ্বাচনী বিষয়া নিতিন খাৰেই ভোটাধিকাৰ সাব্যস্ত কৰে।
জিলা নিৰ্বাচনী বিষয়া বিশ্বজিত পেগুৰ উজনবজাৰৰ এল পি স্কুল ভোটদান।
পৰিয়ালসহ পূব গুৱাহাটী সমষ্টিত ভোটাধিকাৰ সাব্যস্ত বিজেপি প্ৰাৰ্থী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ।
কামৰূপ (মহানগৰ) জিলাৰ নিৰ্বাচন ব্ৰেণ্ড এম্বেছাডৰ মেঘা মূর্ছনা বৰাৰ ভোটদান।
দিছপুৰ সমষ্টিৰ ৰাজেন্দ্ৰ নাৰায়ণ দেৱ এম ই স্কুলত ভোটাধিকাৰ সাব্যস্ত কৰে অসম বিধান সভাৰ নিৰ্বাচন ২০২১ৰ ব্ৰেণ্ড এম্বেচেদৰ তথা অভিনেতা কপিল বৰাই।
পলাশবাৰী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী পংকজলোচন গোস্বামীৰ আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হেমাংগ ঠাকুৰীয়াৰ ভোটদান।
পূব গুৱাহাটীৰ কংগ্ৰেছ প্ৰাৰ্থী অসিমা বৰদলৈয়ে কন্যাসহ ভোটাধিকাৰ সাব্যস্ত কৰে আৰু ফটোৰ বাবে পজ দিয়ে।
আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ভোটদান কৰি ফটোৰ বাবে পজ দিয়ে।
বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ ভোটদান, কোকৰাঝাৰৰ দেবেৰগাঁও হাইস্কুলত ভোটদান সাব্যস্ত কৰে বিটিচিৰ প্ৰাক্তন প্ৰধানগৰাকীয়ে।
বিপিএফ নেত্ৰী প্ৰমীলা ৰাণীৰ ব্ৰহ্মৰ ভোটদান। কোকৰাঝাৰত সাব্যস্ত কৰিলে ভোটাধিকাৰ।
ৰাজ্যিক বিজেপিৰ সভাপতি ৰনজিৎ কুমাৰ দাসৰ ভোদটান। পাটাছাৰকুছিৰ বিজেপিৰ দলৰ প্ৰাৰ্থী গৰাকীয়ে ১১ বজাত ভোটাধিকাৰ সাব্যস্ত কৰে।
ববিতা শৰ্মায়ো কৰিলে ভোটদান।
বিটিচি প্ৰধান প্ৰমোদ বড়োৱে সাব্যস্ত কৰিলে ভোটাধিকাৰ।
বঙাইগাঁৱত মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ ভোটদান। বীৰঝৰা ছোৱালী হাইস্কুলত স্থাপন কৰা ২১৩ নং ভোটকেন্দ্ৰত ভোটদান।
পশ্চিম গুৱাহাটী সমষ্টিৰ অগপ প্ৰাৰ্থী ৰমেন্দ্ৰ নাৰায়ণ কলিতাইয়ো সাব্যস্ত কৰিলে ভোটাধিকাৰ।
জলীউডৰ অভিনেত্ৰী নিশিতা গোস্বামীয়েও নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। ভোট সাব্যস্ত কৰি ফটোৰ বাবে পজ দিয়ে অভিনেত্ৰীগৰাকীয়ে।
অসমৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ভোট সাব্যস্ত কৰে AJP প্ৰাৰ্থী অদীপ কুমাৰ ফুকনে।
অভিনেত্ৰী জেৰিফা ৱাহিদৰ ভোটদান।
Photo: Headline8