আজি ৰাজ্যত তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন। ১২খন জিলাৰ ৪০টা সমষ্টিত অনুষ্ঠিত হয় ভোটগ্ৰহণ।
মানকাচৰ, ধুবুৰী, গোলকগঞ্জ, বিলাসীপাৰা পূব, গোৱালপাৰা পশ্চিম, গোসাইগাঁও, কোকৰাঝাৰ(পূব), বিজনী, ভবানীপুৰ, বৰমা, বঙাইগাঁও, অভয়াপুৰী(দক্ষিণ), বৰপেটা, বাঘবৰ, চেঙা, দুধনৈ, ছয়গাঁও, হাজো, দিছপুৰ, গুৱাহাটী(পূব), গুৱাহাটী(পশ্চিম), দক্ষিণ শালমৰা, গৌৰীপুৰ, বিলাসীপাৰা(পশ্চিম), গোৱালপাৰা(পূব), জলেশ্বৰ, কোকৰাঝাৰ(পশ্চিম), চিদলী. সৰভোগ, তামুলপুৰ, চাপাগুৰি, অভয়াপুৰী(নৰ্থ), পাটাছাৰকুচি, জনিয়া, সৰুক্ষেত্ৰী, ধৰ্মপুৰ, বকো, পলাশবাৰী, জালুকবাৰী, বৰক্ষেত্ৰী এইকেইটা সমষ্টিত অনুষ্ঠিত হয় তৃতীয় পৰ্যায়ৰ নিৰ্বাচন।
কামৰূপ(মেট্ৰ’)ৰ ৪ সমষ্টি ক্ৰমে জালুকবাৰী, দিছপুৰ, গুৱাহাটী(পূব) আৰু গুৱাহাটী(পশ্চিম)ত দিনৰ ১ বজালৈ ভোটদানৰ হাৰ হ’ল-
১. ৫১নং সমষ্টি জালুকবাৰীত- ৫১ শতাংশ
২. ৫২নং সমষ্টি দিছপুৰত- ৪৫ শতাংশ
৩. ৫৩নং সমষ্টি গুৱাহাটী(পূব)ত- ৪২ শতাংশ
৪. ৫৪নং সমষ্টি গুৱাহাটী(পশ্চিম)ত- ৪৯ শতাংশ
কামৰূপ(মেট্ৰ’)ত মুঠ ৪৬.৭৫ শতাংশ লোকে ভোটাধিকাৰ সাব্যস্ত কৰে।
Photo: Headline8