আজি গুৱাহাটী সহ নামনি অসম আৰু বড়োলেণ্ডৰ ৪০টা সমষ্টিত পুৱা ৭ বজাৰ পৰা ভোটদান প্ৰক্ৰিয়া আৰম্ভ হয়।
পুৱাৰে পৰা প্ৰতিটো ভোটকেন্দ্ৰতে ৰাইজৰ লানি-নিছিগা ভিৰ।
ইয়াৰ মাজতে কেইবাটাও সমষ্টিৰ ভোটকেন্দ্ৰত EVM মেচিন বিকল হোৱাৰ ফলত হাৰাশাস্তিৰ সৃষ্টি হয়।
এই সকলোৰে মাজতে নিৰ্বাচনী আয়োগে জানিবলৈ দিয়া অনুসৰি, ৰাজ্যত বিয়লি ৩.৩০ বজালৈ ৬৮.৩১ শতাংশ লোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।
ইফালে কেৰালাত ৫৮.৪৮ শতাংশ, পুডুচেৰীত ৬৬.৫৯ শতাংশ, তামিল নাডুত ৫২.৯৮ শতাংশ আৰু পশ্চিমবংগত ৬৭.২৪ শতাংশ লোকে ভোটদান কৰে।
আজি ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া সমষ্টিসমূহ হৈছে – মানকাছাৰ, ধুবুৰী, গোলকগঞ্জ, বিলাসীপাৰা পূব, গোৱালপাৰা পশ্চিম, গোসাইগাঁও, কোকৰাঝাৰ(পূব), বিজনী, ভবানীপুৰ, বৰমা, বঙাইগাঁও, অভয়াপুৰী(দক্ষিণ), বৰপেটা, বাঘবৰ, চেঙা, দুধনৈ, ছয়গাঁও, হাজো, দিছপুৰ, গুৱাহাটী(পূব), গুৱাহাটী(পশ্চিম), দক্ষিণ শালমৰা, গৌৰীপুৰ, বিলাসীপাৰা(পশ্চিম), গোৱালপাৰা(পূব), জলেশ্বৰ, কোকৰাঝাৰ(পশ্চিম), চিদলী. সৰভোগ, তামুলপুৰ, চাপাগুৰি, অভয়াপুৰী(নৰ্থ), পাটাছাৰকুচি, জনিয়া, সৰুক্ষেত্ৰী, ধৰ্মপুৰ, বকো, পলাশবাৰী, জালুকবাৰী, বৰক্ষেত্ৰী।
Photo: Headline8