প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মন আৰু আমাৰ মাজত নাই।
দিছপুৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বৰ্মনে। ৭ বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ডাঃ বৰ্মন।
১৯৬৭ চনত প্ৰথমবাৰলৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল বৰ্মন।
হিতেশ্বৰ শইকীয়াৰ মৃত্যুৰ পিছত কিছুদিনৰ বাবে ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল ভূমিধৰ বৰ্মনে।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ।
দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি আছিল ডাঃ বৰ্মন।
ভূমিধৰ বর্মন ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন ৰাজনীতিক নেতা আছিল।
অতি কম দিনৰ ভিতৰত দুবাৰকৈ মুখ্যমন্ত্ৰীৰ আসনত বহিছিল।
প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ মৃত্যুত বিভিন্নজনে শোকপ্রকাশ কৰে।
১৯৮৩ চনত তেখেত পুনৰ বিধানসভালৈ ধৰ্মপুৰ সমষ্টিৰ পৰা নিৰ্বাচিত হয়।
সেইবাৰ তেখেতক মন্ত্ৰীসভাত শিক্ষা, স্বাস্থ্য, পৰিয়াল আৰু পঞ্চায়ত বিভাগৰ দায়িত্ব দিয়া হৈছিল।
১৯৯১ চনত বৰক্ষেত্ৰী সমষ্টিৰ পৰা ডাঃ ভূমিধৰ বৰ্মন অসম বিধানসভালৈ চতুৰ্থ বাৰৰ বাবে নিৰ্বাচিত হয়।
হিতেশ্বৰ শইকীয়াৰ মন্ত্ৰীসভাত তেওঁক স্বাস্থ্য, শিক্ষা আৰু চুক্তি ৰূপায়ণ দপ্তৰৰ দায়িত্ব দিয়া হৈছিল।
১৯৯৬ চনত তেওঁ বৰক্ষেত্ৰী সমষ্টিৰ পৰা বিধানসভাৰ নিৰ্বাচনত পৰাজিত হয়।
২০০১ চনত পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বৰক্ষেত্ৰী সমষ্টিৰ পৰা তেওঁ বিধায়কৰূপে নিৰ্বাচিত হয়।
Photo: Google