বনমন্ত্ৰী শ্ৰীযুত পৰিমল শুক্লবৈদ্যই কালি কামৰূপ জিলাৰ বন, আবকাৰী আৰু মীন বিভাগৰ কাম-কাজ পৰ্যালোচনা কৰি জিলাখনৰ ১৬০হেক্টৰ মাটি বেদখলমুক্ত কৰিবলৈ আৰু বেদখলৰ তথ্য নিশ্চিত কৰিবলৈ ৰাজহ, বনভূমি, নথি সঞ্চালকালয় আৰু অসম জৰীপ বিভাগৰ সমূহীয়া উদ্যোগত জৰীপ প্ৰক্ৰিয়াৰ বাবে নিৰ্দেশ দিয়ে।
সামাজিক বনানীকৰণৰ অধীনত জিলাখনত বৰ্তমান থকা তিনিখন উদ্যানৰ উৎকৃষ্ট ব্যৱস্থাপনাৰ বাবে জৰুৰী ব্যৱস্থা লোৱাৰ লগতে বকোৰ জীৱ বৈচিত্ৰ্য উদ্যানত এহেজাৰ বিধ গছৰ লগতে হাতী আৰু বান্দৰৰ খাদ্যৰ বাবে গছ ৰোপণ কৰিবলৈকো বনমন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিছে।