১৫ ৰ পৰা ১৮ বছৰ বয়সৰ ভিতৰৰ প্ৰায় ১৮.২৫ লাখ কিশোৰৰ লক্ষ্য অসম চৰকাৰে নিৰ্ধাৰণ কৰিছে, কিয়নো নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্যখনত ১৮ বছৰৰ তলৰ Covid টিকাকৰণ আৰম্ভ হ’ব।
প্ৰাৰম্ভিক পৰ্যায়ত ভাৰত বায়োটেকৰ কভাক্সিন প্ৰদান কৰা হ’ব কিশোৰসকলক। স্বাস্থ্য বিভাগৰ এজন জ্যেষ্ঠ বিষয়াই জনাইছে যে ৰাজ্যখনৰ শিশুসকলৰ বাবে পৰ্যাপ্ত পৰিমাণৰ কোভাক্সিন মজুত আছে।
Covid টিকাকৰণ কেন্দ্ৰৰ উপৰিও, টিকাকৰণ অভিযানৰ বাবে বিদ্যালয় চৌহদ বাছনি কৰা হ’ব পাৰে, কিয়নো টিকাকৰণ কৰিব লগা ৮০% কিশোৰ- কিশোৰী বিদ্যালয়ৰ তালিকাত আছে। আনহাতে, বিদ্যালয় তালিকাত নথকা কিশোৰক বিচাৰি টিকাকৰণৰ কৰাটো প্ৰশাসনৰ বাবে যথেষ্ট প্ৰত্যাহ্বানমূলক হ’ব।