অসমৰ বাবে সুবিধাজনক নহয় ৰ’–ৰ’ জাহাজ সেৱা ৷ প্রকৃতার্থত ব্রহ্মপুত্রত সুচল চলাচলৰ বাবে উপযোগী নহয় ৰ’–ৰ’ জাহাজ ৷ যাৰবাবে অসমলৈ অনা আটাইকেইখন ৰ’–ৰ’ জাহাজ ওভতাই দি ৰোপেক্স জাহাজ চলোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে অসম চৰকাৰে৷
বিগত সময়ত কামৰূপ জিলাৰ চাংসাৰিৰ ভাৰতীয় খাদ্য নিগমৰ গুডাম পৰিদর্শন কৰি মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে এই কথা জানিবলৈ দিয়ে৷ মন্ত্রীগৰাকীয়ে ইয়াৰ লগতে শীঘ্রে কুৰিখনৰো অধিক ৰোপেক্স জাহাজ অসম পাবহি বুলিও জানিবলৈ দিয়ে ৷
চাংসাৰিস্থিত ভাৰতীয় খাদ্য নিগমৰ গুডাম ঘৰ পৰিদর্শন কৰি মন্ত্রীগৰাকীয়ে ৰাজ্যৰ বাবে পর্যাপ্ত খাদ্যসামগ্রী মজুত থকা বুলিও সংবাদ মাধ্যমক জানিব দিয়ে৷ চাংসাৰিৰ খাদ্য নিগমৰ গুডামৰ লগতে ৰে’ল ষ্টেচনৰো ঠাই সমূহ পৰিদর্শন কৰে মন্ত্রীগৰাকীয়ে। পৰিদৰ্শন কালত ৰাজ্যত নৈ পৰিবহণৰ ক্ষেত্রত আমুল পৰিৱর্তন হ’ব বুলিও সংবাদ মাধ্যমক জানিব দিয়ে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ ইয়াৰ লগতে শীঘ্রে ৰাজ্যৰ পাৰঘাটসমূহ আধুনিকীকৰণ কৰা হ’ব বুলিও মত প্রকাশ কৰে মন্ত্রীগৰাকীয়ে ৷ ৰে’ল ষ্টেচনৰ দৰে সকলো সা–সুবিধা পাৰঘাটসমূহতো উপলব্ধ কৰা হ’ব বুলিও উল্লেখ কৰে মন্ত্রীগৰাকীয়ে।
পৰিদৰ্শন সময়ছোৱাত মন্ত্ৰী গৰাকীক সংগ দিয়ে পৰিবহন আয়ুক্ত আদিল খান, অতিৰিক্ত পৰিবহন আয়ুক্ত ৰাতুল পাঠক, কামৰূপ মহানগৰ জিলাৰ পৰিবহন বিষয়া গৌতম দাস, কামৰূপ জিলা পৰিবহন বিষয়া ৰূপজ্যোতি কলিতা, কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত সুজিত বাগলাৰীকে ধৰি অন্যান্য বিষয়া আৰু কৰ্মচাৰী সকলে ।