আজি ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ চাকৰিৰ ফলাফল ঘোষণা কৰিলে।উল্লেখ্য যে, লিখিত পৰীক্ষাত ৪,৪২,৭৮৫ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে, মৌখিক পৰীক্ষাৰ বাবে নিৰ্বাচন ২৭,৪৭৫ গৰাকী প্ৰাৰ্থীক কৰা হৈছিল। ইয়াৰে ভিতৰত মুঠ ১৪,২৮১ গৰাকী প্ৰাৰ্থীয়ে চতুৰ্থ বৰ্গৰ চাকৰি লাভ কৰিছে।
৩ মে’ত তৃতীয়বৰ্গৰ ফলাফল ঘোষণাৰ পিছত আজি চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। দুটা পৰ্যায়ত যোৱা বৰ্ষত পৰীক্ষা অনুষ্ঠিত হৈছিল।
তৃতীয় বৰ্গৰ নিচিনাকৈ চতুৰ্থবৰ্গত নিযুক্তি লাভ কৰা প্ৰাৰ্থীয়ে নম্বৰৰ ভিত্তিত দৰমহা লাভ কৰিব। সৰ্বাধিক নম্বৰ লাভ কৰা প্ৰাৰ্থীয়ে উচ্চ হাৰত দৰমহা লাভ কৰিব বুলি জানিব পৰা গৈছে। চতুৰ্থ বৰ্গৰ নিৰ্বাচিত প্ৰাৰ্থীসকলৰ ভিতৰত ১,৭১৯ গৰাকী সাধাৰণ শ্ৰেণীৰ; ১,৪৯৬ গৰাকী SCৰ; ১৮৬৪জন ST(P); ৭৩১ গৰাকী ST(H); ৬,২৩৬ গৰাকী OBCৰ; ২,২৩৫জন EWS ৰ; ৫৪২গৰাকী PWBD আৰু ১২৩জন এক্স ছাৰ্ভিছমেন পদত বাছনি কৰিছে নিযুক্তি আয়োগে।