অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ( ASDAM) ৰাজ্যখনৰ নগৰ আৰু গ্ৰাম্যঞ্চলত ক’ভিড নিয়ন্ত্ৰণৰ বাবে জাৰি কৰা সান্ধ্য আইনৰ ওপৰত আংশিক সাল সলনি কৰিছে।
নতুনকৈ জাৰি কৰা এই নিয়ম সমূহ ৬ জুন,২০২১ তাৰিখৰ পৰা পুৱা ৫ বজাৰ পৰা কাৰ্যকৰী হোৱাৰ লগতে এই নিয়ম অহা ১৬ জুনলৈ কাৰ্যকৰী হৈ থাকিব।
সান্ধ্য আইনৰ সময়:-
১. দৈনিক দুপৰীয়া ১ বজাৰ পৰা পুৱা ৫ বজালৈ ব্যক্তিৰ চলাচলৰ ওপৰত নিষেধাজ্ঞা থাকিব।
২. দিনৰ ১২ বজাৰ পৰা সকলো দোকান বন্ধ থাকিব।
৩. ৰেষ্টোৰা,ধাবা আৰু অন্যান্য খাদ্যৰ দোকান সমূহে দিনৰ ১২ বজালৈ গ্ৰাহক সকলক সেৱা দিব পাৰিব ।উল্লেখ্য যে,হোম ডেলিভাৰীৰ অনুমতি প্ৰদান কৰা হৈছে।
৪. শীতলীকৰণ ভৱন সমূহ দিনৰ ১২ বজালৈ খোলা ৰাখিব পাৰিব।
কৰ্মস্থান:-
১. চৰকাৰী-বেচৰকাৰী কাৰ্যালয় সমূহ অহা ১৫ জুনলৈ বন্ধ থাকিব।
২. চৰকাৰ, উপ-সচিব আৰু ওপৰৰ পদবীত অৰ্ধ-চৰকাৰী বিষয়া আৰু মুখ্য সহায়ক কৰ্মচাৰীৰ সৈতে বেচৰকাৰী খণ্ডৰ জ্যেষ্ঠ বিষয়াসকলে কেৱল জৰুৰীকালীন আৰু অত্যাৱশ্যকীয় কামৰ বাবে কাৰ্যালয়ত উপস্থিত থাকিব পাৰে।
৩. আনহাতে,অত্যাৱশ্যকীয়/জৰুৰীকালীন সেৱা প্ৰদান কৰা সংগঠন, আইন প্ৰৱৰ্তন, আৰু নিৰ্বাচনী কামবোৰ উপৰোক্ত নিয়মবোৰৰ পৰা ৰেহাই দিয়া হৈছে।
আন্তঃজিলা পৰিবহণ ব্যৱস্থা:-
পৰৱৰ্ত্তী জাননী তথা নিৰ্দেশনা নোপোৱালৈ অন্য জিলাৰ পৰা অহা যোৱা কৰা সকলো পৰিবহন সেৱাৰ চলাচল স্থগিত থাকিব।