ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ৰোনা সংক্ৰমণৰ হাৰ।
তাৰ প্ৰতি লক্ষ্য ৰাখি অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে গ্ৰহণ কৰিলে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
বৰ্দ্ধিত ক’ৰোনা সংক্ৰমণৰ বাবে পিছুৱাই দিয়া হ’ল উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ পৰীক্ষা।
আগন্তুক ৪ মে’ৰ পৰা অনুষ্ঠিত হ’বলগীয়া আছিল এই পৰীক্ষা।
অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে জনাইছে যে পৰীক্ষাৰ বাবে নতুন তাৰিখ পৰিস্থিতি সুস্থ হোৱাৰ পিছতহে জনোৱা হ’ব।
আনহাতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে আগন্তুক ৩ অথবা ৪ মে’ৰ ভিতৰত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।
Photo Credit : Google