অসমৰ ধেমাজিৰ বাসিন্দা ২৭ বছৰীয়া নৱজিত ভৰালীয়ে Philosophy বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী লাভ কৰিছে।
অধ্যয়ন সম্পূৰ্ণ কৰাৰ পিছত, তেওঁ Transportation ব্যৱসায়ত সংলগ্ন হয়।
কিন্তু ইয়াৰ উপৰিও তেওঁৰ পৰিচয় আছে এগৰাকী আৱিষ্কাৰক হিচাপে।
নৱজিতে মুগা(ৰেছম)ৰ কাম কৰা লোকসকলৰ বাবে ‘ছিল্ক ৰিলিং এণ্ড স্পিনিং মেচিন’ আৰু দিব্যাংগসকলৰ বাবে এখন ‘অট’মেটেড হুইলচেয়াৰ’ নিৰ্মাণ কৰিছে।
নৱজিতক তেওঁৰ উদ্ভাৱনৰ বাবে ‘নেচনেল ইন’ভেচন ফাউণ্ডেচন‘ দ্বাৰা পুৰুষ্কাৰো প্ৰদান কৰা হয়।
দ্যি বেটাৰ ইণ্ডিয়াৰ সৈতে কথা পাতি, তেওঁ নিজৰ এই যাত্ৰাৰ বিষয়ে জনায়।
তেওঁ ক’লে যে, মেচিনৰ প্ৰতি তেওঁৰ আসক্ত জ্যেষ্ঠ ভাতৃক দেখি দেখিয়েই হৈছিল।
বাল্যকালত তেওঁ প্ৰত্যক্ষ কৰিছিল যে, মানুহে তেওঁৰ ভাতৃৰ ওচৰত নিজৰ বেয়া হোৱা ৰেডিঅ’ টিভি আদি ভাল কৰাবলৈ লৈ আহে।
ঘৰত তেওঁৰ ভাতৃয়ে এটা সৰু কৰ্মশালাও প্ৰস্তুত কৰিছিল, য’ত তেওঁ সকলো কাম কৰিছিল।
তেওঁ লগতে ক’লে যে, “সেই কৰ্মশালাটোত মই যোৱাত বা কোনো সামগ্ৰী স্পৰ্শ কৰাত অনুমতি নাছিল।
মই কেৱল দূৰৰে পৰা চাই আছিলো।
পিছত দাদাই ভাৰতীয় সেনাত যোগদান কৰিলে আৰু তেওঁ কতৰ্ব্যৰ বাবে যাবলগীয়া হ’ল।
আৰু তেওঁ যোৱাৰ পিছত কৰ্মশালাটোৰ সামগ্ৰী কেৱল স্পৰ্শ কৰাই নহয় চাবলৈও আৰম্ভ কৰি দিলো।”
লাহে-লাহে মেচিনৰ ভাষা তেওঁ বুজিব পৰা হ’ল আৰু তেওঁ জ্যেষ্ঠ ভাতৃৰ দৰে বেয়া ৰেডিঅ’ আৰু টিভি ভাল কৰিবলৈ আৰম্ভ কৰিলে।
কিন্তু নৱজিত কেৱল মেকানিকৰ পৰিচয়তে সীমিত হৈ নাথাকিল,ইয়াতকৈ অধিক কৰিব বিচাৰিছিল।
আৰু তাৰে পৰা তেওঁৰ আৱিষ্কাৰক হোৱাৰ যাত্ৰা আৰম্ভ হ’ল।
ছিল্ক ৰিলিং এণ্ড স্পিনিং মেচিনঃ
তেওঁ ক’লে যে, তেওঁ অসমৰ সেই এলেকাৰ হয়, য’ত ৰেছম প্ৰস্তুত প্ৰায়ভাগ ঘৰতেই হয়।
তেওঁ প্ৰতিদিনে মাকক ঘণ্টাজুৰি ৰেছমৰ সূতাৰে টাকুৰি ভৰা দেখা পাইছিল।
এই কাম হাতেৰে কৰা হয় আৰু এই কামত মাকৰ যথেষ্ট সময় লাগিছিল।
মাতৃৰ কষ্ট বুজি তেওঁ এনেকুৱা সামগ্ৰী প্ৰস্তুত কৰাৰ কথা ভাবিলে, যাৰ জৰিয়তে কামত কম কষ্ট ব্যৱহাৰ হয়।
নৱজিত ষষ্ঠ শ্ৰেণীত আছিল, যেতিয়া তেওঁ ৰেছমৰ বাবে ‘ৰিলিং মেচিন’ক লৈ কাম আৰম্ভ কৰি দিলে।
তেওঁ লগতে ক’লে যে, হাতেৰে এটা টাকুৰিত সূতা ভৰাবলৈ হ’লে প্ৰায় ১ ঘণ্টা সময় লাগিছিল।
কিন্তু মই যিটো মেচিন প্ৰস্তুত কৰিছো, তাৰ দ্বাৰা এটা টাকুৰি মাত্ৰ ৫ মিনিটতে প্ৰস্তুত হৈ উঠে।
প্ৰথমে মই মুগা আৰু এড়ী সূতাৰ বাবে, পৃথক পৃথক মেচিন প্ৰট’টাইপ প্ৰস্তুত কৰিছিলো।
যাৰ দ্বাৰা এই কমটো সহজ হৈ পৰিল আৰু সময়ো বাচিল।
দ্বাদশ শ্ৰেণীলৈ তেওঁ দুই প্ৰকাৰৰ ‘ৰিলিং মেচিন’ প্ৰস্তুত কৰিলে আৰু ইয়াৰ জৰিয়তে ৰেছমৰ কাম যথেষ্ট সহজ হৈ পৰিল।
তেওঁৰ মাতৃ অনিতা ভৰালীয়ে ক’লে যে, পুত্ৰই প্ৰস্তুত কৰা মেচিনত তেওঁ ১২ বছৰলৈ কাম কৰিলে।
৫৮ বছৰীয়া অনিতাই ক’লে যে, “বজাৰত উপলব্ধ হোৱা মেচিনতকৈ নৱজিতে প্ৰস্তুত কৰা মেচিন যথেষ্ট সুলভ মূল্যৰ আৰু যথেষ্ট প্ৰভাৱশালী।
কামো সহজতে আৰু কম সময়তে হৈ যায়। পূৰ্বতকৈ স্পিনিং মেচিনে যথেষ্ট কাম হ্ৰাস কৰি দিছে।
নৱজিতে লগতে ক’লে যে, তেওঁৰ মেচিনটোৱে আৰম্ভণিতে যথেষ্ট উৎসাহ পালে। প্ৰায় ২৫-৩০জন লোকৰ বাবে মেচিনটো প্ৰস্তুত কৰিছিল।
যেতিয়া তেওঁৰ মেচিনটোৱে ভাল প্ৰতিক্ৰিয়া লাভ কৰিলে তেতিয়া তেওঁ নিজৰ কলেজৰ প্ৰথমটো বৰ্ষত, এই আৱিষ্কাৰৰ সকলো তথ্য NIFক ইমেইলযোগে প্ৰেৰণ কৰে।
NIFৰ টীমে তেওঁৰ আৱিষ্কাৰটো আৰু উন্নত কৰিবলৈ তেওঁৰ সহায় কৰিলে লগতে তেওঁক টকাও দিলে।
NIFয়ে IIT গুৱাহাটী और IIIT মণিপুৰৰ সৈতে মিলি এই মেচিনটো অধিক উন্নত কৰি তুলিলে।
অট’মেটেড হুইলচেয়াৰ
ছিল্ক ৰিলিং এণ্ড স্পিনিং মেচিনৰ পিছত নৱজিতে এখন অট’মেটেড হুইলচেয়াৰ প্ৰস্তুত কৰিলে। তেওঁৰ এই হুইল চেয়াৰখনে ছেঞ্চৰৰ দ্বাৰা কাম কৰে।
Photo: Better India