অসমত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক’ৰোনা সংক্ৰমণ।
বৰ্দ্ধিত ক’ৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অসম জাতীয় বিদ্যালয়ে গ্ৰহণ কৰিছে নতুন সিদ্ধান্ত।
২০ এপ্ৰিলৰ পৰা প্ৰাথমিক পৰ্যায়ৰ পাঠদান স্থগিত ৰখা হ’ব।
ষষ্ঠৰ পৰা দশম শ্ৰেণীলৈ ৫০% শিক্ষাৰ্থীৰে পাঠদান।
বাৰ্ষিক প্ৰতিযোগিতা বাতিল কৰাৰ লগতে বিদ্যালয়ত সকলোৱে চেনিটাইজাৰ আৰু মাস্ক ব্যৱহাৰ কৰাটো বাধ্যতামূলক বুলি জানিব দিছে কৰ্তৃপক্ষই।
অনলাইন যোগে পাঠদান অব্যাহত ৰাখিব বুলি ঘোষণা কৰিছে অসম জাতীয় বিদ্যালয়ে।
Photo Credit: Google