অৱশেষত পলমকৈ অহা বৰষূণ জাকে ৰাইজক ধূলিৰ অত্যাচাৰৰ পৰা কিছু সকাহ দিছে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ কেবাখনো ৰাজ্যত অহা ২৪ মাৰ্চ পৰ্যন্ত বেচিভাগ ঠাইতে পাতলীয়া বৰষুণ হৈ থাকিব বুলি জানিবলৈ দিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বংগোপ সাগৰত হঠাতে সৃষ্টি হোৱানিম্ন চাপৰ বাবে বাংলাদেশৰ আকাশৰে দক্ষিণ অসম হৈ ঘূর্ণিয়মান বায়ু প্ৰৱেশ কৰিছে।
যাৰ বাবে বুধবাৰে পুৱতি নিশাৰে পৰা অসমৰ বেচিভাগ ঠাইতে আকাশ মেঘাছন্ন হৈ থকাৰ লগতে পাতলীয়া বৰষুণ আৰম্ভ হৈছে। এই পৰিস্থিতি ২৪ মাৰ্চ পৰ্যন্ত অপৰিবৰ্তনীয় হৈ থাকিব। লগতে ঠাই বিশেষে গাজনী, ঢেৰেকনীৰ সৈতে ধুমুহা বতাহ আহিব পাৰে বুলিও কেন্দ্ৰই আশঙ্কা ব্যক্ত কৰিছে। বৰষুণ অহাৰ বাবে কৃষক ৰাইজেও বহু সকাহ লাভ কৰিছে।