ৰাজ্যত দিনে দিনে বৃদ্ধি হৈ গৈ আছে ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা।
ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিততে প্ৰশাসনে পূৰ্বে ৰাজ্যত সকলো দোকান-পোহাৰ ৬ বজাত বন্ধ কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছিল।
আজি পুনৰ অসম দুৰ্যোগ প্ৰশমন বিভাগে এক নতুন নিৰ্দেশনা প্ৰদান কৰে।
আজি নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ ৰাজ্যত বলবৎ কৰা হ’ল সান্ধ্য আইন।
Order regarding Curfew with effect from April 27th across the state of Assam. Please help us in implementing the order. pic.twitter.com/wdivYCs3Kz
— GP Singh (@gpsinghips) April 27, 2021
ৰাজ্যত ১মে’লৈ বাহাল থাকিব এই নিৰ্দেশনা। জি পি সিঙে টুইটাৰযোগে এই কথা প্ৰকাশ কৰে।
ক’ৰোনাৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি সংক্ৰমণ ৰোধ কৰিবলৈ এই নিৰ্দেশনা দিয়া হৈছে। অৱশ্যে জৰুৰীকালীন সেৱাসমূহক ইয়াৰ পৰা ৰেহাই দিয়া হৈছে।
কি কি থাকিব বাহাল-
অসমত নিশা ৮ বজাৰ পৰা ঘূৰি ফুৰিব নোৱাৰিব ৰাজপথত।
পুৱা ৫ বজালৈ সাধাৰণ লোকৰ চলাচলত বাধা।
নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ সম্পূৰ্ণৰূপে নিষিদ্ধ সাধাৰণ লোকৰ চলাচল।
বিনা কাৰণত নিশা ৰাজপথত টহল দিব নোৱাৰিব সাধাৰণ লোকে।
অৱশ্যে জৰুৰী সেৱাৰে জড়িত লোকসকলৰ ক্ষেত্ৰত কোনো বাধা নাই।
বেংক, ATM, বীমা বিষয়াসকলেও যাত্ৰা কৰিব পাৰিব।
LPG, পেট্ৰল পাম্পৰে জড়িত লোকসকলৰ ক্ষেত্ৰত বাধা নাই।
কেবল, ইণ্টাৰনেট, শক্তি আৰু দূৰসংযোগ বিভাগৰ লোকৰ ক্ষেত্ৰত বাধা নাই।
স্বাস্থ্য কৰ্মী, মেডিকেল আৰু গৰ্ভৱতী মহিলা বা ৰোগীৰ বাবে নাই কোনো বাধা।
আইনী সেৱাৰে জড়িত লোকসকলে পৰিচয় পত্ৰৰ সৈতে যাত্ৰা কৰিব পাৰিব।
বৈধ টিকটসহ বিমান বন্দৰ বা ৰে’ল ষ্টেচন, ISBTৰ পৰা যাত্ৰা কৰিব পাৰিব।
কল্ড ষ্টৰেজ, ৱেৰহাউছ, ব্যক্তিগত ছিকিউৰিটী সেৱাৰ কৰ্মীসকলকো ৰেহাই।
অত্যাৱশ্যকীয় সামগ্ৰীৰ নিৰ্মাণ খণ্ডত জড়িত লোকসকলেও যাত্ৰা কৰিব পাৰিব।
সংবাদ মাধ্যমৰে জড়িত লোকসকলেও লগত ৰাখিব লাগিব পৰিচয় পত্ৰ।
অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বাহনসমূহ চলাচল কৰিব পাৰিব।
Photo: Google