এতিয়াও শাম কটা নাই, অসম–মিজোৰাম সীমান্তৰ উত্তেজনা৷ দুয়োখন ৰাজ্যৰ আৰক্ষীয়ে বাহৰ পাতি থকাত সীমান্তৱর্তী গুটগুটী অঞ্চলটোত এতিয়াও অব্যাহত আছে উত্তেজনা৷
অসমৰ অন্তর্গত বনাঞ্চল সমুহ বেদখলকাৰীৰ কৱলৰ পৰা সুৰক্ষিত কৰি ৰখাৰ বাবে তৎপৰ হৈছে অসম আৰক্ষী৷ অসম মিজোৰাম সীমান্ত অঞ্চলত প্ৰতিদিনে বনবিভাগ সহ অসম আৰক্ষীয়ে কঠোৰ নিৰীক্ষণ অব্যাহত ৰাখিছে। উক্ত অঞ্চলটোত সুৰক্ষাৰ কাৰণে কমেও ৫০০ জোৱান নিয়োজিত কৰাৰ লগতে ড্র’নৰ সহায়ত তীক্ষ্ণ নজৰ ৰাখিছে অসম আৰক্ষী আৰু বন বিভাগে৷
তাৰোপৰি, মিজো দুষকাৰীয়ে কোনো কাৰণতে যাতে, অসমৰ ভূমিত প্রৱেশ কৰিব নোৱাৰে সেই কথা নিশ্চিত কৰিবলৈ, এই অঞ্চলত অস্থায়ীভাৱে অসম আৰক্ষীয়ে কিছুমান আৰক্ষী চকীৰ নির্মাণ কৰিছে৷ মিজো দুষ্কৃতিকাৰীয়ে কোনো কাৰণতে যাতে, অসমৰ ভূমিত প্রৱেশ কৰি বন ধ্বংস আৰু অবৈধ বেদখল চলাব নোৱাৰে৷ বিগত ছমাহত চাৰিবাৰকৈ মিজো জনগোষ্ঠীয়ে অসমলৈ আগ্রাসন কৰিব বিচাৰছিল।
সংঘর্ষৰ পাছৰে পৰা মিজোৰাম আৰক্ষীয়েও অঞ্চলটোত কথোৰ দৃষ্টি নিক্ষেপ কৰিছে৷ যোৱা ১০ জুলাইত অসম–মিজোৰাম সীমান্তত সূত্রপাত ঘটা সীমাকেন্দ্ৰিক বিবাদৰ বাবে নতুন দিল্লীত দুয়োখন ৰাজ্যৰ মুখ্য সচিব পর্যায়ৰ বৈঠক অনুষ্ঠিত হৈছিল৷ তৎসত্ত্বেও, অসম–মিজোৰাম সীমান্তত সীমাকেন্দ্রিক উত্তেজনা হ্রাস পোৱা নাই৷