লাকুৱাৰ অপহৰণ ঘটনাত অসম আৰক্ষীৰ তিনি জোৱান জড়িত থকাৰ খবৰ পোহৰলৈ আহিছে অপহৰণকাণ্ডৰ সৈতে প্ৰতক্ষ্য ভাৱে জড়িত থকাৰ অপৰাধত এজন আৰক্ষী জোৱান গ্ৰেপ্তাৰ।
শদিয়াৰ জজলি তেলীকলা নিবাসী বসন্ত বুঢ়াগোহাঁই নামৰ আৰক্ষী জোৱানক গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে।
ONGCৰ নিৰাপত্তাৰ দায়িত্বত থকা ২৫নং অসম পুলিচ বেটেলিয়নৰ জোৱান আছিল বসন্ত বুঢ়াগোহাঁই।
বৰ্তমান অএনজিচি অসম সম্পদৰ লাকুৱাস্থিত ৮নং জিজিএছ’ৰ নিৰাপত্তাৰ দায়িত্বত আছিল বসন্ত বুঢ়াগোহাঁই।
আনহাতে অপহৰণ ঘটনাৰ সৈতে জড়িত থকা আন দুজন আৰক্ষী জোৱান ক্ৰমে তপন বুঢ়াগোহাঁই আৰু উপেন গগৈ নামৰ আন দুগৰাকী ২৫নং বেটেলিযেনৰ জোৱান বৰ্তমান পলাতক বুলি জানিব পৰা গৈছে।
আনহাতে অপহৰণ ঘটনাৰ সৈতে জড়িত থকাৰ তথ্য অস্বীকাৰ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে।
ডিব্ৰুগড় আৰক্ষীৰ উচ্চপদস্থ বিষয়াই বসন্ত বুঢ়াগোহাঁইক আলফাৰ নামত ধন দাবীৰ এক ঘটনাৰ লগত জড়িত থকাৰ বাবে গ্ৰেপ্তাৰ কৰা বুলি জানিব দিছে।
Photo: Headline8