ৰাজ্যত অব্যাহত ক’ৰোনাৰ সংহাৰ। দিনে দিনে বৃদ্ধি হৈ গৈয়ে আছে ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা আৰু মৃত্যু হোৱা লোকৰ সংখ্যা।
ক’ৰোনা মহামাৰীক ৰোধ কৰিবলৈ ৰাজ্যত এতিয়া প্ৰশাসনে জাৰি কৰিছে বিভিন্ন গাইডলাইন।
বৰ্তমানলৈ ৰাজ্যত সম্পূৰ্ণ লকডাউনৰ কথা ঘোষণা কৰা নাই যদিও মিনি লকডাউন ইতিমধ্যে জাৰি কৰা হৈছে। পুৱা ১১ বজাত সকলো দোকান-পোহাৰ বন্ধৰ ঘোষণাৰ লগতে দুপৰীয়া ১২ বজাৰ পৰা জাৰি কৰিছে কাৰ্ফিউ।
এই পৰিস্থিতিতে এগৰাকী আৰক্ষী বিষয়াৰ এটা বিশেষ ফেচবুক পোষ্ট। পোষ্টটোৰে আৰক্ষীলৈ কাতৰ অনুৰোধ জনাইছে আৰক্ষী বিষয়া নৱ কুমাৰ বৰাই। কাৰ্ফিউৰ সময়ছোৱাত অনাই-বনাই ঘূৰি ফুৰা লোকসকলৰ ওপৰত আৰক্ষীয়ে কৰা মাৰপিটৰ ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰা ঘটনাটোক খুবেই দুখঃজনক বুলি আখ্যা দিছে আৰক্ষী বিষয়াগৰাকীয়ে। এটা ফেচবুক পোষ্টযোগে তেওঁ এই কথা উল্লেখ কৰে যে, শাসন বুলিলে কেৱল লাঠীকে নুবুজায়। বহু ক্ষেত্ৰত দেখা পোৱা যায় যে চেকিং পাৰ্টীৰ মূৰব্বীজনৰ দুৰ্বল ভূমিকাৰ বাবে নহ’বলগীয়া কিছু ঘটনা সংঘটিত হয়।
বৰ্তমান ৰাজ্যত প্ৰশাসনে জাৰি কৰা কাৰ্ফিউৰ সময়ছোৱাত পথেৰে আহ-যাহ কৰা লোকসকলৰ বিৰুদ্ধে আৰক্ষী বৰ্তমান যথেষ্ট কঠোৰ হৈ পৰিছে। ঘৰৰ বাহিৰলৈ কিয় ওলাই আহিছে? এই প্ৰশ্নৰ উত্তৰ নিবিচাৰাকৈ যধে-মধে লাঠীচাৰ্জ কৰা পৰিলক্ষিত হৈছে। লগতে এই মাৰপিটৰ ভিডিড’ বন্দী কৰি ছচিয়েল মিডিয়াতো চলাই আছে প্ৰচাৰ। এই ঘটনা প্ৰসংগতে আৰক্ষী বিষয়া নৱ কুমাৰ বৰাই আৰক্ষীসকলক অনুৰোধ জনাই যে, ‘অনুগ্ৰহ কৰি আৰক্ষীৰ মাৰপিটৰ ভিডিঅ’ সামাজিক মাধ্যমত এৰি দি বীৰত্ব জাহিৰ নকৰিব। সেই ভিডিঅ’সমূহ আৰক্ষীৰ কৰ্মীয়েই যে কৰিছে নিশ্চিত এই বাবেই যে, আৰক্ষীৰ মাৰপিটৰ সেই মুহূৰ্ত কোনো অন্যলোকৰ ভিডিঅ’ কৰাৰ সাহস নাথাকে।
নৱ কুমাৰ বৰাই লগতে পোষ্টটোত লিখিছে যে, আমি, সেই আইন ভংগ কৰি ঘুৰি ফুৰা লোক সকলোকে কেৱল ঘূটুংপানী বিচাৰি ফুৰা বা ড্ৰাগছৰ পুৰীয়া বিচাৰি ফুৰা বুলি ভাবি ল’লে ভুল হ’ব। অন্ততঃ জানিবলৈ চেষ্টা কৰক কি কাৰণত সেই পৰিস্থিতিৰ মুখামুখী হ’ল। হয়টো কোনোৱাই ঔষধ বিচাৰি অহাও হ’ব পাৰে, হয়টো কাৰোবাক উন্নত চিকিৎসাৰ বাবে আগবঢ়াবলৈ অহাও হ’ব পাৰে ,হয়টো কোনোবাই ক’ভিডৰ ভেকচিন লৈ ঘূৰি অহাও হ’ব পাৰে, কাৰণ বৰ্তমান সময়ত বহুতেই য’তেই ভেকচিনৰ সুবিধা পাইছে দুৰৈত হ’লেও লৈ লৈছে।
আৰক্ষী বিষয়াজনৰ পোষ্ট
এগৰাকী আৰক্ষী বিষয়া হৈ আৰক্ষীলৈ এই অনুৰোধ জনোৱাৰ পিছতে এতিয়া ছচিয়েল মিডিয়াত তেওঁৰ নাম লৈ প্ৰশংসাত পঞ্চমুখৰ হৈ পৰিছে বিভিন্নজন। এই পোষ্টটোত বিভিন্নজনে তেওঁৰ কথাত সন্মতিও প্ৰকাশ কৰিছে।
Photo: Google