অসম আৰক্ষীয়ে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ড্ৰাগ্ছ বিৰোধী অভিযান অব্যাহত ৰাখিছে। মঙলবাৰৰ দিনটোত আৰক্ষীয়ে ধৰা পেলাই ১৭টাকৈ ড্ৰাগছ সংক্ৰান্তীয় ঘটনা। আৰক্ষীয়ে আটক কৰিছে এই ব্যৱসায়ৰ সৈতে জড়িত ৩৬জন লোকক।
মঙলবাৰৰ দিনটোত আৰক্ষীয়ে জব্দ কৰে ৯২.৬১ গ্ৰাম হেৰ’ইন, ৭৫০ গ্ৰাম গাঞ্জা, ৪৬টা বটল কফ ছিৰাপ, ৩৫,৮০০ টেবলেট আৰু ৪১,৬৫০ টকা নগদ টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই টুইটাৰযোগে এই কথা প্ৰকাশ কৰে।